পয়গম্বৰ হজৰত মহম্মদৰ জন্মদিন ঈদ-মিলাড-উন-নবী আজি দেশৰ বিভিন্ন অংশত পালন কৰা হয়

pc News18

পয়গম্বৰ হজৰত মহম্মদৰ জন্মদিন ঈদ-মিলাড-উন-নবী আজি দেশৰ বিভিন্ন অংশত পালন কৰা হয়

ৰঙিলী বাৰ্ত্তাসেৱা – দেশৰ বিভিন্ন অংশত আজি পয়গম্বৰ হজৰত মহম্মদৰ জন্মদিন ঈদ-মিলাড-উন-নবী পালন কৰা হৈছে। বেছিভাগ ঠাইতে এইবাৰ কোৱিড-১৯ জনিত নিষেধাজ্ঞাৰ পৰিপ্ৰেক্ষিতত বৃহৎ মিলাড শোভাযাত্ৰাৰ আয়োজন কৰা হোৱা নাই। অৱশ্যে কোৱিড নীতি-নিয়ম মানি মিলাড-মেহফিলৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ধর্মীয় পণ্ডিতসকলে পয়গম্বৰ মহম্মদৰ জীৱনী আৰু শিকনিসমূহৰ ওপৰত আলোকপাত কৰিব। ৰাষ্ট্ৰপতি শ্ৰীৰামনাথ কোবিন্দ, উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিলাড-উন-নবী উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতি কোবিন্দে তেওঁৰ বাৰ্তাত কয় যে পয়গম্বৰ মহম্মদৰ জীৱন ভ্রাতৃত্ব, কৰুণা আৰু মৰম ভালপোৱাৰ উদাহৰণ আৰু তেওঁ সদায় মানৱীয়তাৰ উৎস হৈ ৰ’ব৷ শ্রীকোবিন্দে পয়গম্বৰ মহম্মদৰ জীৱন আৰু আদৰ্শৰাজীৰ পৰা অনুপ্ৰেৰণা গ্ৰহণ কৰিবলৈ আৰু সমাজৰ সমৃদ্ধি তথা দেশৰ শান্তি আৰু সম্প্ৰীতিৰ হকে কাম কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে নিজৰ বাৰ্তাত কয় যে পয়গম্বৰে সমগ্ৰ মানৱ জাতিক কৰুণা, সহনশীলতা আৰু সাৰ্বজনীন ভ্রাতৃত্বৰ সঠিক পথৰ সন্ধান দি গৈছে। তেওঁ লগতে হজৰত মহম্মদৰ শিকনিসমূহে ন্যায়সংগত, দয়া আৰু সম্ভাৱনাৰে ভৰা এখন সমাজ গঢ়াৰ হকে জনসাধাৰণক বাট দেখুৱাই যাব বুলি আশা প্রকাশ কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বাৰ্তাত এইবুলি আশা প্রকাশ কৰে যে এই উৎসৱে যেন সকলোৰে বাবে শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনে।