পবিতৰা অভয়াৰণ্য বানৰ কবলত

পবিতৰা অভয়াৰণ্য বানৰ কবলত
অনলাইন বাৰ্তাসেৱা – ভদীয়া বানৰ সংহাৰী ৰূপ ধাৰণ ফলত মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ অন্তৰ্গত মায়ং অঞ্চলৰ লগতে লাহৰীঘাট সমষ্টিৰ প্ৰায়বোৰ অঞ্চল বৰ্তমান জলমগ্ন হৈ পৰিছে। বিশ্ববিখ্যাত এশিঙীয়া গঁড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্যৰ প্ৰায় ৯০% অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ইতিমধ্যে বুৰ গৈছে। অভয়াৰণ্যখনৰ ভূমি জলমগ্ন হোৱাত বন্য জীৱ-জন্তুবোৰে নিৰাপদ ওখ ঠাইত আশ্ৰয় গ্ৰহণ কৰিছে। পবিতৰাৰ ১৮টাকৈ বন শিবিৰ সম্প্ৰতি বানৰ কবলত ৷
বানৰ সুযোগ গ্ৰহণ কৰি যাতে কোনো দুষ্টচক্ৰই পবিতৰাৰ বন্যজন্তু নিধন কৰিব নোৱাৰে, তাৰ প্ৰতিও সচেতন হৈ থকাৰ লগতে হাতনাও আৰু মেচিন নাৱৰ জৰিয়তে দিনে–নিশাই পহৰা দিয়াৰ ব্যৱস্থা কৰিছে পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষই ৷
ইফালে অভয়াৰণ্যখনৰ বিস্তীৰ্ণ এলেকা পানীয়ে প্লাৱিত কৰাৰ ফলত বন্য জীৱ-জন্তুবোৰৰ খাদ্য নাটনি হোৱাৰ আশংকা প্ৰকাশ কৰিছে ভাৰপ্ৰাপ্ত বন বিষয়াই। বৰ্তমান পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ থকাৰ ফলত স্থানান্তৰ কৰা হৈছে পবিতৰা বন বিভাগৰ ১২টাকৈ ঘৰচীয়া হাতী। বানাক্ৰান্ত এলেকাসমূহত বসবাস কৰা লোকসকলৰ লগতে পশুধনসমূহেও সাংঘাতিক ধৰণে খাদ্যৰ অভাৱত পৰিছে। এনে দুৰ্যোগৰ সময়ত জিলা প্ৰশাসনৰ পৰা ব‍ানাক্ৰান্ত লোকসকলৰ লগতে পশুধনৰ খাদ্যসামগ্ৰী যোগান ধৰিবলৈ আহ্বান জনায় মৰিগাঁও জিলা যুৱ ছাত্ৰ পৰিষদে।