পথ দুৰ্ঘটনাত অকাল মৃত্যু ফটো সাংবাদিক নয়ন নিৰ্বাণ হাজৰিকাৰ 

পথ দুৰ্ঘটনাত অকাল মৃত্যু ফটো সাংবাদিক নয়ন নিৰ্বাণ হাজৰিকাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা–  দুৰ্ঘটনাৰ বাতৰি সংগ্ৰহ কৰি উভতি অহা সময়ত নিজে দুৰ্ঘটনাগ্ৰস্ত হৈ কৰুণ মৃত্যুক সাবতিলে বিশ্বনাথৰফটো সাংবাদিক নয়ন নিৰ্বাণ হাজৰিকাই। শনিবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা।যোৱানিশা বিশ্বনাথ চাৰিআলিৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত পথত পৰি থকা এডাল গছত খুন্দা মৰাৰ ফলত হাজৰিকা গুৰুতৰভাৱে আহত হয়।আঘাতপ্ৰাপ্ত হাজৰিকাক লগে লগে স্থানীয় লোকে বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ যায়। চিকিৎসাৰ বাবে গৈ থকা সময়তে অকাল মৃত্যুক আকোৱালি লয় ফটো সাংবাদিক নিৰ্বান নয়ন হাজৰিকাই।