পথিক
মিন্টু গোৱলা, লখিমপুৰ
ৰাজ পথ বোৰ আজি
কালি বৰ বেয়া হ’ল ।
ৰাজ পথৰ চাৰিওফালে
কেৱল মৃত্যুৰ কিৰিলিহে শুনু।
ফুটপাততো খোজ কাঢ়িবলৈও ভয় লাগে ,
মৃত্যুৰ কিৰিলি শুনি ।
কিয় ইমান ভ্ৰষ্ট লগ্নৰ ভ্ৰষ্টাচাৰ মানৱ ?
নিজৰ জীৱনকো বচাঁবলৈ নোৱাৰে ,
আনকো বাচিবলৈ নিদিয়ে।
হাজাৰ সপোন দেখি ,
যদি সকলো সপোনবোৰ
ৰাজপথৰ ফুটপাততেই শুৱাই থ’লে হ’ব জানো?
ৰাজ পথৰ ফুটপাতৰ পৰা জীৱন যুদ্ধৰ
দুৱাৰ ডলিলৈ আহিবলৈ লাগিব ।
তেতিয়া হে সফলতাৰ মুখাখন পিন্ধিব পাৰি ।
সচাঁকৈ আজি কালি ৰাজ পথ বোৰ বৰ বেয়া
কেতিয়া কেনেকৈ কি হ’ব?
গমেই নাপায় ।
কেৱল মাথোঁ মৃত্যুৰ হে অপেক্ষা থাকে ।
সাৱধান !
ৰাজ পথত খোজ কঢ়া মানৱ ।
খন্তেকতে কি হ’ব ?
এই ৰাজপথৰ পথিক।
কেনেকুৱা হৈছে জনাবচোন ।