পথভ্ৰস্ত বিৰোধী আৰু ‘বিজেপি চিষ্টেম’- ড. হেমন্ত ৰাজবংশী

Pc-parliamentofindia.nic.in

পথভ্ৰস্ত বিৰোধী আৰু ‘বিজেপি চিষ্টেম’

ড. হেমন্ত ৰাজবংশী

যোৱা ২৪ জুলাই তাৰিখে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদৰ পৰা চাৰিজন কংগ্ৰেছ সাংসদক নিলম্বিত কৰাৰ এদিনৰ পিছতে ৰাজ্যসভাতো অসংসদীয় আচৰণৰ বাবে দেশত নজিৰ সৃষ্টি কৰি গৰিষ্ঠসংখ্যক ১৯গৰাকী সাংসদক এসপ্তাহৰ বাবে নিলম্বিত কৰা হয়। ইয়াৰ ভিতৰত তৃণমূল কংগ্ৰেছৰ ৭জন, ডি এম কেৰ ৬ জন, টি আৰ এছৰ ৩জন, চি পি এমৰ ২ জন আৰু চি পি আইৰ ১জন।

উল্লেখযোগ্যযে যোৱা বছৰৰ ২৯ নবেম্বৰতো ৰাজ্যসভাৰ পৰা নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰা আৰু উদ্দেশ্য প্ৰণোদিতভাবে উন্মত্ত ৰূপ লোৱাৰ অভিযোগতো ১২জন বিৰোধী দলৰ সাংসদক বহিস্কাৰ কৰা হৈছিল। ইয়াৰো আগতে ২০২০ চনৰ ২১ ছেপ্টেম্বৰত ৮ জন সাংসদক নিলম্বিত কৰা হৈছিল। ২০১৫ চনত সেইসময়ৰ অধ্যক্ষা সুস্মিতা মহাজনে অসংসদীয় আচৰণৰ বাবে ২৫জন সাংসদক নিলম্বিত কৰিছিল।

যোৱা ১৮ জুলাইৰ পৰা আৰম্ভ হোৱা ৰাজ্যসভাৰ অধিবেশনৰ প্ৰথম দিনটোৰ পৰাই অসংসদীয় আচৰণৰে উপাধ্যক্ষ হৰিবংশ নাৰায়ণৰ অনুৰোধক উপেক্ষা কৰি নিজৰ নিজৰ আসনলৈ উভতি ন’গৈ হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰাৰ বাবে এই ১৯ গৰাকী সাংসদক নিলম্বিত কৰা হয়। সংসদ আৰু নিৰ্বাচিত সাংসদৰ পৰা সৰ্বসাধাৰণ ৰাইজে কৰা আশা বহু ক্ষেত্ৰত ফুটুকাৰ ফেনত পৰিণত হয়। আমি যদি ভালকৈ চাওঁ, দেখিমযে অকল ভাৰততে নহয় বিশ্বৰ বহু ৰাষ্ট্ৰত সংসদৰ এনে অসংসদীয়, অমাৰ্জিত আচৰণৰ বাতৰিয়ে মাজে মাজে বাতৰি কাকতৰ শিৰোনামা দখল কৰি আহিছে।

লেনিনৰ ‘দ্য স্টেইট এ্যণ্ড ৰিৱলুছন’ৰ ৩ নম্বৰ অধ্যায়ত তেওঁ লিখিছে-” Marx knew how to break with anarchism ruthlessly for its inability to make use even of the ‘pigsty’ of bourgeois parliament”. সহজ ভাষাত, লেনিনে সংসদক গাহৰিৰ গড়াঁলৰ লগত তুলনা কৰিছে। আমাৰ কাষেবাৰে যদি চাওঁ, দেখিম যে সংসদত গাহৰিৰ গড়াঁলৰ দৰে পৰিবেশ সৃষ্টিত পূব এছিয়াৰ দেশ টাইৱানৰ দূৰ্ণাম সৰ্বজনবিদীত। আক্ষৰিকভাবেও ২০২০ চনত টাইৱানৰ সংসদত বিৰোধী কুমিঙতাঙ (KMT) দলৰ সদস্যসকলে আমেৰিকাৰ পৰা গাহৰি আমদানি কৰাৰ বিল এখনকলৈ কৰা প্ৰতিবাদৰ অংশস্বৰূপে সদনৰ ভিতৰলৈ বাল্টিত মৃত গাহৰিৰ নাড়ী-ভুৰ তেজ কঢ়িয়াই আনি চৰকাৰী পক্ষৰ গালৈ দলিয়াই বিশ্বতে নজিৰ সৃষ্টি কৰিলে। ২০২১ চনৰ ২২ ডিচেম্বৰত ঘানাৰ সংসদত ‘ইলেক্ট্ৰনিক কমিউনিকেইচন টেক্স’কলৈ হোৱা এক বিতৰ্কৰ শেষত অনুষ্ঠিত ভোটদানত দুয়োপক্ষৰ ভোট সমান সমান হোৱাত বিৰোধী আৰু শাসকীয় পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। কথাৰ কটাকটি, হতাহতি আৰু মাৰপিটৰ এই ভিডিঅ’ই সামাজিক মাধ্যম আৰু প্ৰচাৰ মাধ্যমত খলকনি তুলিছিল।

২০২১ত আৰ্মেণিয়াৰ সংসদত বিৰোধী দলৰ সদস্যই চকীমেজ দলিয়াই, অধ্যক্ষৰ গালৈ পানীৰ বটল দলিয়াই ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছিল। আমি যদি আৰু অলপ পিছুৱাই যাওঁ, দেখিমযে ২০১৫ত কছ’ভৰ সংসদতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল য’ত বিৰোধী পক্ষই ‘টিয়েৰ গেছ’, জলকীয়াৰ ‘স্প্ৰে’ আৰু শিলগুটি দলিয়াই চৰকাৰী পক্ষক আক্ৰমণ কৰিছিল। ২০১৫ চনতেই চুবুৰীয়া নেপালতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল।

সদনত চকীমেজ, মাইক্ৰফোন দলিওৱাৰ ইতিহাস ভাৰততো আছে। তামিলনাডু, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আদি ৰাজ্যৰ সাংসদে কুখ্যাতি আৰ্জি যোৱা এনে অনেক উদাহৰণ আছে। ১৯৮৯ চনৰ ২৫ মাৰ্চত তামিলনাডুৰ বিধানসভাত সংঘটিত সেই ঘৃণনীয় ঘটনাৰ কথা ইতিহাসত ক’লা আখৰে লিখা থাকিব। বিৰোধী দলপতি জয়াললিতাই মূখ্যমন্ত্ৰী এম কৰুণানিধিক ফোন টেপিঙৰ বাবে অভিযুক্ত কৰাকলৈ আৰম্ভ হোৱা হুলস্থুলত এ আই এ ডি এম কেৰ সাংসদ এজনে বেঞ্চ এখন থেলামাৰি দিয়াত কৰুণানিধিয়ে নিয়ন্ত্ৰন হেৰুৱাই লুটিখাই পৰে। লগে লগে দুই পক্ষৰ মাজত মাইক টনাটনি, পে’পাৰ ৱেইট দলিওৱাদলি আদি আৰম্ভ হ’ল। তাৰ মাজতে মন্ত্ৰী ৱিৰাপাণ্ডু আৰ্মুগামে মুৰত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়। ইফালে জয়াললিতাই সদনৰ পৰা ওলাই যাব বিছৰাত মন্ত্ৰী ডুৰাই মুৰুগানে তেওঁৰ শাৰীত ধৰি টনাটনি কৰাত এটা অতি অশোভনীয় পৰিস্থিতিৰ উদ্ভৱ হয়। ১৯৯৯ চনতো এ আই এ ডি এম কেৰ নেতা আৰ থামাৰিকানে কৃষিমন্ত্ৰী ৱিৰাপাণ্ডি আৰ্গুমুগামৰ নাকত ঘুচিয়াই নাক ভাঙি তেজ উলিয়াই দিয়াত জে’ললৈ যাব লগা হৈছিল।

২০২০ৰ মাৰ্চত লোকসভাত দিল্লীত ধৰ্মীয় হিংসাত ৪৫জন লোকৰ প্ৰাণযোৱাক কেন্দ্ৰ কৰি হোৱা প্ৰতিবাদৰ ফলত হোৱা হতাহতিত এগৰাকী দলিত সম্প্ৰদায়ৰ মহিলা সাংসদো নিগ্ৰিহীত হৈছিল বুলি তুমুল বিতৰ্কৰ সূচনা হৈছিল। অধ্যক্ষ ওম বিৰলাই সাংসদ সকলক দেশৰ গণতন্ত্ৰৰ মন্দিৰত নিয়ম শৃংখলা ৰক্ষা কৰি চলিবৰ বাবে আহ্বান জনাইছিল। লেনিনৰ ‘গাহৰিৰ গড়াঁল’ৰ পৰা ওম বিৰলাৰ ‘গণতন্ত্ৰৰ মন্দিৰ’, এই দুই ভাষ্যত প্ৰচণ্ড নিৰাশাবাদৰ পৰা গভীৰ আশাবাদৰ ৰেঙনি দেখিবলৈ পোৱা যায়।

২০২১ চনৰ ২৪ ডিচেম্বৰত অসম বিধানসভাত প্ৰদান কৰা এক ভাষনত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয়যে সদনৰ কাৰ্য্যক্ৰমনিকাত উদ্দেশ্যপ্ৰণোদিতভাবে বাধা প্ৰদান কৰা আৰু স্থগিত কৰাৰ চেষ্টা কৰাটো ভাৰতীয় গণতান্ত্ৰিক পৰম্পৰাৰ অংশ নহয়। তেওঁ কয়, ” Democracy is based on debates and dialogue. But the continuous disruptions of debates in the House and lack of decorum is a matter of concern.” তেওঁ লগতে কয়যে ৰাইজৰ আশা আকাংক্ষাক বাস্তৱিক ৰূপ দিয়াৰ দায়িত্ব সাংসদ সকলৰ ওপৰত ন্যস্ত আছে। সাংসদসকলে ইয়াৰ নিশ্চিতি প্ৰদান কৰা উচিত।

বিখ্যাত তামিল কবি থিৰুৱাল্লুৱাৰে এটা বিখ্যাত পংক্তি(কুৰাল ৪৪৮) ত কৈছে-“The king with none to censure him, bereft of safeguards all, though none his ruin work, shall surely ruined fall.” সমালোচকবিহীন ৰজাক ধ্বংস কৰোতা কোনো নেথাকিলেও তেওঁৰ পতন নিশ্চিত। এটা সৰু পংক্তিৰ মাজেৰে কবিয়ে সমালোচক বা বিৰোধীপক্ষৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে এখন সুন্দৰ ছৱি দাঙি ধৰিছে।

গণতান্ত্ৰিক শাসন ব্যৱস্থাত বিৰোধী দলৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিন্তু যোৱা সময়ছোৱাত বিৰোধী দলৰ কামকাজে ৰাইজক সন্তুষ্ট কৰিব পৰাটো নায়েই, আশাহতহে কৰিছে। আমাৰ ৰাজ্যখনৰ কথাকে যদি কওঁ, প্ৰধান বিৰোধী দল কংগ্ৰেছ নিজৰ মাজতে খোৱা কামোৰা আৰু দল বদলোৱাত ব্যস্ত। ৰাইজৰ কন্ঠহৈ চৰকাৰক মূল্যবৃদ্ধি, বানপানী, নিবনুৱা সমস্যা আদি এশ এবুৰি সমস্যাৰ বিষয়ে সকিয়নি দিবলৈ তেওঁলোক চৰম ভাবে ব্যৰ্থ। কেন্দ্ৰটো একেই অৱস্থা। কংগ্ৰেছৰ গুৰিয়াল গান্ধী পৰিয়াল আজি এনফৰ্চমেন্ট ডিৰেক্টৰেটৰ জেৰাত বিধস্ত, তেওঁলোকে ৰাইজৰ কথা ভাবিবলৈ সময় ক’ত!

নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা এটা দলে একেলেঠাৰিয়ে বিজয়ী হৈ থাকিলে সেয়া কুশাসনত পৰিণত হোৱাৰ সম্ভাৱনাই প্ৰৱল। এটা শক্তিশালী, একত্ৰিত, জনতাৰ প্ৰতি দায়বদ্ধ বিৰোধী শক্তিহে এনে ক্ষেত্ৰত আশা ভৰষাৰ স্থল। কিন্তু আমাৰ দেশত আমি বিৰোধী দলৰ এখন পুতৌলগা ছৱিহে দেখিবলৈ পাই আহিছোঁ। বিশেষকৈ ২০১৯ৰ লোকসভা নিৰ্বাচনত বিৰোধী দলসমূহে অতি পুতৌলগা ফলাফল দেখুৱালে। দ্বিতীয়বাৰৰ বাবে কংগ্ৰেছে বিৰোধী দলৰ খিতাপ লাভৰ পৰা বঞ্চিত হ’ল। বাকী দল বোৰো সংকীৰ্ণ দলীয় মনোভাৱ, জাতিগত বৈষম্য, আৰু আঞ্চলিকতাবাদী ভাবধাৰাৰে পুষ্ট।

নিৰ্বাচিত চৰকাৰখনক স্বৈৰাচাৰী হোৱাৰ পৰা বাধা প্ৰদান কৰিবলৈ শক্তিশালী আৰু কৰ্মোক্ষম বিৰোধী দলৰ অতি প্ৰয়োজন। হকে বিহকে চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰিলৈ কৰা একমাত্ৰ কাৰ্য্যক্ৰমনিকাই জনমানসত বিৰোধী দলসমূহৰ প্ৰতি বিৰাগ ভাবৰহে সৃষ্টি কৰে। সুনিৰ্দিষ্ট লক্ষ্য আৰু পৰিকল্পনা অবিহনে হকে-বিহকে সদনত চিঞৰ বাখৰ কৰি সদনৰ কামকাজত বাধা জন্মোৱাতোৱেই বিৰোধী দলৰ কাম হোৱা অনুচিত।বিৰোধী দলসমূহে জনসাধাৰণক প্ৰতিয়ন নিয়াব পাৰিব লাগিবযে তেওঁলোক কেনেকৈ চৰকাৰৰ পৰিপূৰক, তেওঁলোকৰ আঁচনিসমূহ কি কি।

জনাদেশ শিৰতলৈ নিৰ্বাচিতহোৱা চৰকাৰ এখনৰ যিকোনো কাম সমালোচনা কৰিবলৈ যোৱাটো বিৰোধী দলসমূহৰ বাবে বুমেৰাং সদৃশ হ’ব পাৰে। এনেকুৱা বহু উদাহৰণ আছে যিবোৰে এতিয়া প্ৰমাণ কৰিছেযে বিৰোধী দলসমূহে কৰিব লাগে বাবেই চিঞৰ বাখৰ কৰিছিল। উদাহৰণস্বৰূপে, অযোধ্যা বিবাদ, তিনি তালাক বিল, ৩৭০ আৰু ৩৫ এ ধাৰাৰ বিলুপ্তিকৰণ আদি বিলসমূহ সদনত উত্থাপন কৰাৰ সময়ত বিৰোধী দলসমূহে যঠেষ্ট হৈচৈ কৰিছিল যদিও সময়ত সেয়া চৰকাৰৰ শুদ্ধ সিদ্ধান্ত আছিল বুলি প্ৰমাণিত হৈছে। বিৰোধী দলসমূহে দাবী কৰি আহিছে যে কেন্দ্ৰীয় চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি সমূহ পূৰণ কৰিব পৰা নাই আৰু চৰকাৰে এনফৰ্চমেন্ট সঞ্চালকালয়, চি বি আই, নিৰ্বাচন আয়োগ আদিক বিৰোধী পক্ষৰ বিপক্ষে প্ৰতিশোধৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। বোকা দলিওৱা-দলি কৰাটো যিহেতু চৰকাৰ আৰু বিৰোধীৰ এক গতানুগতিক পৰম্পৰা, এইক্ষেত্ৰত বিৰোধী দলসমূহে চৰকাৰক সুবিধা নিদিয়াকৈ নিকা আৰু সুসংগঠিতহৈ থকাহে উচিত।

ভাৰতীয় ৰাজনীতিৰ বিষয়ে ক’বলৈগৈ চাৰ আইৱৰ জেনিংছে বহুযুগৰ আগতেই কৈছিল, “If there is no opposition, there is no democracy.” ১৯৫২ চনৰ সংসদৰ পৰাই ভাৰতীয় ৰাজনীতিত বিৰোধী দূৰ্বল আৰু সংকীৰ্ণমনা বুলি প্ৰতিয়মানহৈ আহিছে। বিখ্যাত ৰাজনৈতিক বিজ্ঞানী, সমিক্ষক, লিখক, ৰজনী কোঠাৰীয়ে কৈ যোৱা ‘কংগ্ৰেছ চিষ্টেম’ৰ দৰে এদিন ‘বিজেপি চিষ্টেমে’ও ভাৰতীয় চিন্তাধাৰাক নিয়ন্ত্ৰণ কৰিব যদিহে ক্ষুদ্ৰ স্বাৰ্থৰ পৰা বাহিৰলৈ ওলাই আহি বিৰোধী দলে ঐক্যবদ্ধহৈ নিৰ্দিষ্ট লক্ষ্যৰে আগবাঢ়িব নোৱাৰে।