পত্নীৰ স্বাস্থ্যৰ বাবে সুশীল কুমাৰক অন্তৱৰ্তীকালীন জামিন প্ৰদান দিল্লীৰ আদালতৰ

Pc The Indian Express

পত্নীৰ স্বাস্থ্যৰ বাবে সুশীল কুমাৰক অন্তৱৰ্তীকালীন জামিন প্ৰদান দিল্লীৰ আদালতৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীৰ এখন আদালতে মল্লযুঁজাৰু সাগৰ ধনকাৰৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত দুবাৰৰ অলিম্পিক পদক বিজয়ী সুশীল কুমাৰক ১২ নৱেম্বৰলৈকে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে।কুমাৰক তেওঁৰ পত্নী আৰু দুই নাবালক সন্তানৰ চিকিৎসাজনিত অৱস্থাৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হৈছে বুলি আদালতে কয়। আদালতে সুশীলক ১ লাখৰ ব্যক্তিগত বন্ধন দাখিল কৰিবলৈ কৈছিল।