পঞ্চায়তক লৈ অনিশ্চয়তা সৃষ্টিৰ বাবে দায়ী ৰাজ্য চৰকাৰ – আপ

পঞ্চায়তক লৈ অনিশ্চয়তা সৃষ্টিৰ বাবে দায়ী ৰাজ্য চৰকাৰ – আপ
চৰকাৰৰ বিৰুদ্ধে সংবিধান উলংঘাৰ অভিযোগ মনোজ ধানোৱাৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ‘ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যি অনিশ্চয়তাৰ সৃষ্টি হৈছে তাৰ বাবে বৰ্তমান ক্ষমতাত থকা বিজেপি মিত্ৰজোঁটৰ চৰকাৰেই জগৰীয়া।’ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশনাৰ পিচতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে। শনিবাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে আপৰ নেতাগৰাকীয়ে এই সন্দৰ্ভত কয়, ” ৰাজ্যৰ গাওঁ পঞ্চায়তক লৈ কেইবাটাও পক্ষই আদালতৰ দ্বাৰস্থ হৈছে। ৰাজ্যত শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ ভুলৰ বাবেই বিষয়টো আদালতৰ মজিয়া পাইছে। একাংশ গাওঁ পঞ্চায়তৰ পুনৰ গঠনৰ ক্ষেত্ৰত ব্যাপক বেমেজালি সৃষ্টিৰ অভিযোগ আছে। ৱাৰ্ড সমূহ গঠনৰ ক্ষেত্ৰত নাগৰিকৰ মতামত গ্ৰহণ বা সুবিধাৰ প্ৰতি চৰকাৰে গুৰুত্ব দিয়া নাই। চৰকাৰে ইচ্ছাকৃতভাৱে এনে খামখেয়ালিৰ সৃষ্টি কৰি ৰাজ্যৰ পঞ্চায়তী ৰাজ ব্যৱস্থাৰ ক্ষতি কৰিব বিচাৰিছে। এনে বিতৰ্ক মীমাংসাৰ প্ৰয়োজন আছে। ” আপৰ ৰাজ্যিক সভাপতি ধানোৱাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক জগৰীয়া কৰি কয় যে চৰকাৰে পঞ্চায়ত আইন আৰু এই আইনৰ বিধি সংশোধন কৰাৰ জৰিয়তেও নিৰ্বাচনক লৈ বিতৰ্ক সৃষ্টিত অৰিহণা যোগাইছে। এই সন্দৰ্ভত মনোজ ধানোৱাৰৰ প্ৰতিক্ৰিয়া ,” অসম চৰকাৰৰ সংশোধিত পঞ্চায়ত আইনৰ বিধি অনুসৰি গাওঁ পঞ্চায়তৰ সদস্য পদৰ বাবে প্ৰতিদ্বন্ধিতা কৰিবলৈ এজন সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী কমেও মেট্ৰিক উত্তীৰ্ণ হ’ব লাগিব। আনহাতে জিলা পৰিষদৰ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা ন্যূনতম উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগিব। তদুপৰি ২০১৮ চনৰ ১৯ মাৰ্চৰ পিচত দুটাতকৈ অধিক সন্তান জন্ম দিয়া পিতৃ বা মাতৃয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। বিজেপি চৰকাৰে সংশোধিত পঞ্চায়ত আইনৰ এই বিধি সমূহৰ জৰিয়তে পোনে পোনে ভাৰতীয় সংবিধান উলংঘা কৰিছে। আমাৰ সংবিধানে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নাগৰিকৰ শিক্ষাগত অৰ্হতা বা সন্তানৰ সংখ্যা নিৰ্ধাৰণ কৰি দিয়া নাই। অসমৰ বিজেপি চৰকাৰ সংবিধানৰ উৰ্ধত নহয়। আজি পঞ্চায়ত নিৰ্বাচনক লৈ যি অনিশ্চয়তাৰ সৃষ্টি হৈছে এই পৰিস্থিতি চৰকাৰে জানি শুনি সৃষ্টি কৰিছে। কাৰণ বিজেপিয়ে ক্ষমতাৰ বিকেন্দ্ৰীকৰণত বিশ্বাস নকৰে। পঞ্চায়তী আইনৰ বিধিয়ে সংবিধান উলংঘা কৰিলে আদালতে স্থগিতাদেশৰ নিৰ্দেশ দিয়াটো স্বাভাৱিক কথা। “