পকাধানে ৰিঙিয়াই মাতে – ছেলিমা বেগম

পকাধানে ৰিঙিয়াই মাতে
ছেলিমা বেগম
শাওন মাহত কৃষ্ণকে পথাৰত সপোন ৰচে ,
আঘোণ মাহত সোণালী ৰং ধৰে ।
পকাধানে দাৱনী সকলক ৰিঙিয়াই মাত
পকাধানৰ গোন্ধত পিতাই আনন্দত নাচে।
সোণগুটি লোৱাৰ বাবে কৃষকসকলৰ বেস্ত
গাৱৰ জীয়ৰী বোৱাৰী ব্যস্ততা ধান লোৱাৰ বাবে ।
পথাৰত সপোন খেতিয়ক সকলৰ
মনত থাকে খাদ্যৰ বাবে আনন্দ,
সোণ গুটি ধান থাকে পথাৰত
সেউজীয়া তাৰ ওৰণি,
সোণালী ৰঙেৰে শাৰী ।
তাকে দেখি কৃষ্ণৰ মন নাচে
এয়া হৈছে কৃষকৰ আশা ।
লক্ষী হৈ আহে যেতিয়া ঘৰলৈ
গৃহিণী সকলৰ হিয়া আনন্দ নধৰে।
গাৱৰ খেতিয়কৰ আনন্দ ধান আহিছে ঘৰত।
ধানৰ পৰা চাউল ওলাই লম,
চাউলৰ পৰা ভাত বনাই খাম,
ভাত আমাৰ প্ৰধান খাদ্য
জীয়াই থাকিবলৈ প্ৰাণ বচাবলৈ পাম।