নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম ৪০ শতাংশ হ্ৰাস অসম মাধ্যমিক শিক্ষা সংসদৰ

pc- The Shillong

নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম ৪০ শতাংশ হ্ৰাস অসম মাধ্যমিক শিক্ষা সংসদৰ

অনলাইন বাৰ্ত্তাসেৱা- অসম মাধ্যমিক শিক্ষা সংসদে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ।২০১৯ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষৰ বাবে নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম প্ৰায় ৪০ শতাংশ হ্ৰাস কৰিছে শিক্ষা সংসদে। এপ্ৰিল মাহৰ তৃতীয় সপ্তাহৰ পৰাই কোভিড সংক্ৰমণৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ ফলত অনলাইন মাধ্যমেৰে পাঠ্যক্ৰম চলি আছে যদিও বহু শিক্ষাৰ্থীয়ে বিভিন্ন কাৰণত এই পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিব পৰা নাই। সেয়েহে  শিক্ষাৰ্থীসকলৰ যথেষ্ট শৈক্ষিক ক্ষতি হৈছে আৰু শিক্ষকসকলৰ বাবেও ২০২১-২২ শিক্ষাবৰ্ষৰ বাবে মাধ্যমিক শিক্ষা পৰিষদে নিৰ্ধাৰণ কৰা পাঠ্যক্ৰম সমাপ্ত কৰাটো কঠিন হৈ পৰিছে। সংশোধিত পাঠ্যক্ৰম সংশ্লিষ্ট বিদ্যালয়সমূহৰ সকলো পৰিদৰ্শকক পিডিএফত প্ৰদান কৰা হ’ব। এই পিডিএফ ক্ৰমে বিদ্যালয়ৰ প্ৰধান শিক্ষক, নৱম, দশম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ প্ৰেৰণ কৰা হ’ব। সংশোধীত পাঠ্যক্ৰম ছেবাৰ ৱেব ছাইট www.sebaonline.org ত উপলব্ধ।