নৰৱেৰ এথলীট কাৰষ্টেন ৱাৰহ’মে অলিম্পিকত পুৰুষৰ ৪০০ মিটাৰ হাৰ্ডলছত বিশ্ব অভিলেখ গঢ়ে
অনলাইন বাৰ্ত্তাসেৱা– নৰৱেৰ এথলীট কাৰষ্টেন ৱাৰহ’মে টকিঅ’ অলিম্পিকৰ পুৰুষৰ ৪০০ মিটাৰ হাৰ্ড লছত বিশ্ব অভিলেখ স্থাপনেৰে স্বৰ্ণ পদক অৰ্জন কৰে। মঙলবাৰে অনুষ্ঠিত ফাইনেল প্রতিযোগিতা ৪৫.৯৪ ছেকেণ্ডেৰে নিজৰ দৌৰ সম্পূৰ্ণ কৰি স্বৰ্ণ পদক দখলৰ লগতে বিশ্বঅভিলেখ গঢ়িলে এথলীটগৰাকীয়ে ।অৱশ্যে তেওঁ ভংগ কৰে নিজৰে পূৰ্বৰ বিশ্ব অভিলেখ। ইয়াৰ পূৰ্বে তেওঁ ৪৬.৭০ ছেকেণ্ডেৰে এই অভিলেখ গঢ়ি থৈছিল। আমেৰিকাৰ ৰাই বেঞ্জামিনে এই ফাইনেলত ৪৬.১৭ ছেকেণ্ডেৰে নিজৰ দৌৰ সম্পূৰ্ণ কৰি ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হয়।
(R.T)