নৈৰাশ্য – এছ ইছলাম

নৈৰাশ্য
এছ ইছলাম, শিক্ষক, বৰপেটা
হেঁচি ধৰিছে নৈৰাশ্যৰ ভাৱনাই
মিছা, ঠগ আৰু প্ৰৱঞ্ছনাই
দেশখন আগুৰি পেলালে,
গৰ্ভজাত মাতৃ আজি
অৱহেলা অনাদৰত
বৃদ্ধাশ্ৰমত লালিত-পালিত।
নিজ হাতে গঢ়া গৃহ
আজি পুত্ৰৰ হাতত বঞ্চিত
মানুহৰ মাজত মানৱতা নাই
সময়ৰ পৰিবৰ্তনত
সকলো পৰিবৰ্তন হ’ল।
শিক্ষকৰ প্ৰতি নাই শ্ৰদ্ধা ভক্তি
মূৰ্খই সমাজত ফিতাহি মাৰে
টকাৰ দপ্ দপনিত
মহাপণ্ডিত সাজে।
হত্যা, লুণ্ঠন আৰু নাৰী ধৰ্ষণ
নৱজাতক শিশুৰ
ডাষ্টবিনত ক্ৰন্দন
এয়াজানো সভ্য সমাজৰ নিদৰ্শন
আহিবনে সুদিন আমাৰ সমাজলৈ?