নৈপৰীয়া সপোন – মৃদুস্মিতা শৰ্মা

নৈপৰীয়া সপোন

মৃদুস্মিতা শৰ্মা, বোকাখাত

ৰাতিপুৱাৰ কোমল বেলিটো খাওঁ খাওঁ মূৰ্ত্তি ধৰি ৰঙা হৈ দুপৰীয়া হ’লহি৷ভীষণ গৰম পৰিছে এইকেইদিন৷ধনবৰে আহিনৰ সেউজীয়া পথাৰখনলৈ এবাৰ আৰু নদীখনলৈ এবাৰ চালে – সিপাৰৰ পৰা ঐনিতমৰ সুৰ এটি ভাঁহি আহিছে৷যোৱা দুমাহে সি ইমান কষ্ট কৰিছে এইবাৰৰ খেতি ভাল কৰিবলৈ ৷ নদীখনৰ সিপাৰে ধনবৰহঁতৰ গাওঁ৷তাতেই ৰংমিলিৰো ঘৰ৷ধনবৰৰ সুঠাম বুকুত তাইৰ সপোনৰ ঘৰ৷পথাৰখন আঘোণত সোণবৰণীয়া হৈ তাৰ ভঁড়ালৰ লখিমী হ’ব ৷ তাৰ লগতে এটি মিঠা সপোনে তাৰ অন্তৰত থিতাপি লৈছে ৷সি ভবামতেই বজাৰৰ দৰ দাম হ’লে ৰংমিলি তাৰ ঘৰৰ লখিমী হ’ব…৷