নেপালৰ সেনা প্রধান প্রভু ৰাম শৰ্মাক ভাৰতীয় সেনাৰ জেনেৰেল সন্মান প্ৰদান

Pc- Swarajya

নেপালৰ সেনা প্রধান প্রভু ৰাম শৰ্মাক ভাৰতীয় সেনাৰ জেনেৰেল সন্মান প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে নেপালৰ সেনা প্রধান প্রভু ৰাম শৰ্মাক ভাৰতীয় সেনাৰ জেনেৰেল হিচাপে সন্মানীয় পদবী প্ৰদান কৰে। ৰাষ্ট্রপতি ভৱনত আয়োজিত বিশেষ অনুষ্ঠানত শ্রীকোৱিন্দে বিদেশী সেনা-প্রধানগৰাকীক এই সন্মান প্ৰদান কৰে। যোৱা বছৰৰ নৱেম্বৰত নেপালৰ ৰাষ্ট্ৰপতি বিদ্যাদেৱী ভাণ্ডাৰীয়ে ভাৰতীয় সেনাবাহিনীৰ মুৰববী জেনেৰেল মনোজ নাৰাভানেক নেপাল সেনাবাহিনীৰ সন্মানীয় জেনেৰেল পদবীৰে সন্মানিত কৰিছিল। জেনেৰেল প্ৰভুৰাম শৰ্মা তিনি-দিনীয়া ভ্ৰমণসূচী লৈ কালি নতুন দিল্লীত উপস্থিত হয়। তেওঁ কালি ভাৰতীয় বায়ুসেনা বাহিনীৰ মুৰব্বব্বী এয়াৰ শ্বীফ মাৰ্শ্বাল ভি.আৰ. চৌধুৰীক সাক্ষাৎ কৰে।