নূপুৰ কালচাৰেল একাডেমীৰ ভাৰত নাট্যম নৃত্যানুষ্ঠান

pc NUPUR Cultural Academy

নূপুৰ কালচাৰেল একাডেমীৰ ভাৰত নাট্যম নৃত্যানুষ্ঠান

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা – নূপুৰ কালচাৰেল একাডেমীৰ উদ্যোগত আজি মাছখোৱাস্হিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত ভাৰত নাট্যম নৃত্যৰ দীক্ষান্ত সমাৰোহ,আৰংগেত্ৰম আৰু ভাৰত নাট্যম নৃত্য উৎসৱ অনুষ্ঠিত হয়৷অনুষ্ঠানত ইনাক্ষী পৰাশৰ,মানুশ্ৰী মালিনী শৰ্মা,প্ৰিয়াংগনা শৰ্মা,প্ৰিয়াস্মী ৰয়,কৃশাংগী শৰ্মা,ধানিষ্ঠা শৰ্মা,কস্মিতা কলিতা,সৃষ্টি মালাকাৰ,হৰ্ষিতা শৰ্মা,বৈভয়ী দাস আৰু প্ৰতিক্ষা ডেকাক আৰংগেত্ৰম প্ৰদান কৰা হয়৷উক্ত ছাত্ৰী কেইজনৰ লগতে একাডেমীৰ অইন ছাত্ৰীসকলে ভাৰত নাট্যম নৃত্য আৰু সত্ৰীয়া নৃত্য পৰিৱেশন কৰে৷এই নৃত্য সমূহ পৰিচালনা কৰে গুৰু ড° মনীষা দেৱী গোস্বামীয়ে৷নৃত্যবোৰৰ ভিতৰত বিনায়ক স্তুতি,বৰ্ণমা,শদ্ধম,নটনম আদিনাৰ,পদম,কৌস্তুভম,টিৰানা সত্ৰীয়া নৃত্যৰ চালি নাচ আৰু শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীতত কৰা অভিনয় আদি উল্লেখযোগ্য৷অনুষ্ঠানত গুৰু ড° মনীষা দেৱী গোস্বামীয়ে মহিষাসুৰ মৰ্দিনী স্তোত্ৰম আৰু অষ্টপদী প্ৰদৰ্শন কৰে৷অনুষ্ঠানত নৃত্যাচাৰ্য যতীন গোস্বামী,কথক নৃত্য গুৰু বিপুল দাস,অধ্যাপিকা,সত্ৰীয়া নৃত্য গুৰু ড° মল্লিকা কন্দলী,সাংবাদিক মনমৰমী মহন্ত,প্ৰবোধ শৰ্মা,অৰূপ দাস,মেঘালী শৰ্মাক সম্বৰ্ধনা জনোৱা হয়৷একাডেমীৰ মুখ্য পৃষ্ঠপোষক বিজয় চন্দ্ৰ গোস্বামীয়ে আদৰণি ভাষণৰ পাছতে নটৰাজ শিৱক পূজা কৰা হয় আৰু আৰংগেত্ৰম লাভ কৰা ছাত্ৰীসকলক ’চালেংগাই’ অৰ্থাৎ জুনুকা প্ৰদান কৰা হয়৷