নীৰজে যি অৰ্জন কৰিছে সেয়া চিৰদিনলৈ স্মৰণীয় হৈ থাকিবঃ প্ৰধানমন্ত্ৰী
অনলাইন বাৰ্ত্তাসেৱা – জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই এথলেটিকছত ভাৰতৰ প্ৰথম অলিম্পিক স্বৰ্ণ জয় কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে প্ৰকাশ কৰে, “টকিঅ’ত ইতিহাস ৰচনা কৰা হৈছে!” তেওঁ লগতে কয়, “নীৰজে আজি যি অৰ্জন কৰিছে সেয়া চিৰদিনলৈ স্মৰণীয় হৈ থাকিব।” তেওঁ লগতে কয়, “যুৱ নীৰজে অসাধাৰণ প্ৰদৰ্শন কৰিছে। তেওঁ উল্লেখনীয় আবেগেৰে খেলিছিল আৰু অতুলনীয় দৃঢ়তা দেখুৱাইছিল। স্বৰ্ণ জয় কৰাৰ বাবে তেওঁক অভিনন্দন।”
(UD.)