নীলিম নৱোন্মেষ
সংগীতা ডেকা, ৰঙিয়া
জোনাক বৰণীয়া এটি ছায়া
যিমানেই দুহাত মেলো
সিমানেই চোন আঁতৰি যায় ।
ভ্ৰমৰ বাগিচাত ,
এপাহি যেন নিৰ্জীৱ ফুল হে
কাগজৰ পাহেৰে গঢ়া……।
ৰঙীণ ৰঙীণ তাৰ “কাগজীয়” ভেটি
সুৰভি বিচাৰি উদ্বাউল হ’লে নো কি হ’ব ?
কৃত্ৰিম , কৃত্ৰিম সূঁতাৰে সৃষ্ট
শিপাবোৰ….!
উঘালি পেলাব….!
উঘালি পেলাব, কৰুণ অস্তিত্বক তেজৰ নদীখন বোৱাই…..
আৰু তই সৰি পৰিবি শুকান এখিলা পাত হৈ ।
আহ্ , আহ্ না ওলাই আহ্….
সৌৱা , অনুভৱৰ এখন অপূৰ্ব্ব পৃথিৱী….
এক শান্তিৰ সমলয় ।
বোল , দুয়ো মিলি একেলগে ডুব যাওঁ
নীলিমাৰে আবৃত্ত সাগৰখনত
আৱেগ পোহৰ সিঁচি ।