নীলা খামৰ চিঠি শিতানলৈ
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
প্ৰিয় মণি ,
আশা কৰোঁ তই ভালে আছ। ওপৰে ওপৰে চালে ময়ো বহুত ভালে আছোঁ । আমাৰ ঘৰখন সৰু কিন্তু সুখী পৰিয়াল। মা এখন স্কুলৰ শিক্ষয়িত্ৰী , দেউতা গুৱাহাটী ৰিজাৰ্ভ বেংকৰ এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু ভন্টীয়ে ক্লাছ টেনত পঢ়ি আছোঁ। আৰু মই কটন বিশ্ববিদ্যালয়ৰ এছোছিয়েট প্ৰফেছাৰ। মাহিলী মোটা অংকৰ দৰমহা পাওঁ । গতিকে মই মধ্যবিত্ত পৰিয়ালৰ এজন সুখী যুৱক। কিন্তু, কেইবামাহৰ পৰা মোৰ বুকুৰ মাজত এটি অশান্তি- বৰলৰ বাহ থিতাপি লৈছে। এক মানসিক দ্বন্দ্ব-সংঘাতত জুৰুলা হৈ পৰিছে মোৰ হৃদয়-মন। তই হয়তো ভাৱিছ, মই কোনোবা গাভৰুৰ প্ৰেমত পৰি হাবুডুবু খাইছোঁ। নাই নাই, মোৰ মনত এটি নিগেটিভ চিন্তাই মোক খুলি খুলি খাই আছে। কিয়বা নাজানো দোষ্ট, মই যতেই যাওঁ, মানুহবোৰৰ মুখৰ আঁৰৰ যেন মুখা দেখা পাওঁ। এটা কৃত্ৰিমতাই যেন মানুহবোৰক আৱৰি ৰাখিছে। আমাৰ ঘৰৰ প্ৰত্যেকৰ মাজত আকৌ অতি নেচাৰেল বিহেভিয়াৰ লক্ষ্য কৰি মই স্থবিৰ হৈ পৰোঁ। দিনৰ ভাগত কৰ্ম ব্যৱস্থাৰ মাজেৰে দিনবোৰ অতি তীব্ৰ বেগেৰে পাৰ হৈ যায় ; কিন্তু ৰাতি লাইট অফ কৰি বিছনাত গা এৰি দিয়াৰ পিছতেই মোৰ আৰম্ভ হয় বিনিদ্ৰ ৰাতিৰ যমৰ যাতনা ; ৰাতিটো নাযায়,নুপুয়ায় যেন লাগে।
প্ৰিয় মণি, তইতো জান, মই সাহিত্য চৰ্চা কৰি ভাল পাওঁ। মোৰ লিখা কবিতা, অণু গল্পসমূহ ফেচবুকৰ বিভিন্ন সাহিত্য গোটৰ লাইভ অনুষ্ঠানত কবি ,সাহিত্যিক সকলে ধুনীয়াকৈ পাঠ কৰি ভূয়সী প্ৰশংসাও কৰে। কিন্তু মইহে স্বৰচিত লেখাবোৰ পঢ়ি বিৰক্তিত নাক কোঁচাওঁ।ছেঃ এইবোৰ লেখা হ’ল নে ? আমাৰ অসম তথা ভাৰতৰ বিখ্যাত বিখ্যাত কবি সাহিত্যিকসকলে কি খাই বাৰু ইমান উচ্চ খাপৰ সাহিত্য সৃষ্টি কৰে? যাৰ কাৰণে মোৰ বেছিভাগ লেখাই মই আদ্যশ্ৰাদ্ধ কৰোঁ । কিন্তু বুইছ দোষ্ট, মই বিখ্যাত লেখক সকলৰ কিছুমান অখ্যাত উক্তি পঢ়িহে মই বেছি হতাশ হৈ পৰোঁ। ছেক্সপীয়েৰে ” frailty thy name is women” তিৰোতাসকলৰ অইন একো গুণ বিচাৰি নাপাই frailty অৰ্থাৎ চঞ্চলতা গুণটো হে বিচাৰি পালে ! তেওঁৰ বিখ্যাত নাটক ” হেমলেটৰ ” হেমলেট চৰিত্ৰৰ বিখ্যাত উক্তি ” To be or not to be,that is question”ৰ পাছে পাছে কোনে বাৰু খেদি ফুৰিব ? বিখ্যাত নাট্যকাৰ ইবছেনৰ এটি নাটকৰ চৰিত্ৰৰ উক্তি “Strongest man is he, who stands alone” বৰ্তমান যুগত কিবা অৰ্থহীন লাগে।জৰ্জ বাৰ্ণাড শ্বয়ে আকৌ মানুহৰ মাজত ছুপাৰ মেন আৱিষ্কাৰ কৰিলে ; যাৰ কোনো বাস্তৱ ভিত্তি নাই। ৰাছিয়াৰ বিখ্যাত ৰাছিয়ান ঔপন্যাসিক ফিয়ডৰ ডছটয়েভস্কিৰ ” ক্ৰাইম এণ্ড পানিছমেন্ট” উপন্যাসৰ কেন্দ্ৰীয় চৰিত্ৰ ৰাস্কলনিকভে নিজকে একস্ট্ৰা অৰ্ডিনাৰী মেন বুলি অনুভৱ কৰি এগৰাকী সুতখোৱা বৃদ্ধাক হত্যা কৰি শেষত ছনিয়া নামৰ বেশ্যা ছোৱালীৰ ভৰি চুই ক্ষমা প্ৰাৰ্থনা কৰিহে সান্ত্বনা লাভ কৰা কিমান হাস্যকৰ নহয় নে বাৰু? এই ক্ষেত্ৰত শৰৎচন্দ্ৰ চট্টোপাধ্যায়, প্ৰেমচান্দ আৰু আলবেয়াৰ কেমুক কিছু বাস্তৱবাদী অনুভৱ হয়। আলবেয়াৰ কেমুৰ ” আউড ছাইডাৰ ” উপন্যাসৰ প্ৰধান চৰিত্ৰটিয়ে অতিৰিক্ত সূৰ্যৰ তাপত সহ্য কৰিব নোৱাৰি সাগৰৰ পাৰত ঘূৰি থকা তিনিজন আৰবীয়ক হত্যা কৰা অতি বাস্তৱবাদী যেন নালাগে নে ?
আচলতে জান, ৰাতিটো বন্ধ কোঠাত থাকি থাকি মই অতিষ্ঠ হৈ পৰিছোঁ। তই হয়তো তৎক্ষণাৎ মন্তব্য কৰিবি , বিয়া নকৰাৱ কিয় ? কিন্তু বিয়া নামৰ এটি বন্দিত্বৰ জীৱন নিৰ্বাহ কৰা মোৰ পক্ষে সম্ভব নহ’ব চাগে’ ! ৰবীন্দ্ৰনাথ ঠাকুৰে এনে লিখা নাই ” এৰ চেয়ে হতেম যদি আৰৱ বেদুইন” তেওঁ এদিন জঙ্ঘল চাফা কৰি “তপোবন” বনাই সাহিত্য চৰ্চা কৰিছিল । নে জাহানাৰা নামৰ মুছলমান ছোৱালী এজনীক ভাল পাই মানুহৰ আচৰণত অতিষ্ঠ হৈ কবিয়ে জন-অৰণ্য ত্যাগ কৰিছিল। বিদ্ৰোহী কবি কাজি নজৰুল ইছলামে ” বিদ্ৰোহী” কবিতাটিত ” খোদাৰ আৰছ কাঁপিয়া, ভগৱানেৰ কপালে একে দেব পদচিহ্ন” লিখাৰ বাবে সেই সময়ৰ মুছলিম সমাজে তেওঁক “কাফেৰ” বুলি তেওঁক সমাজচ্যুত কৰিছিল।আমাৰ অসমীয়া কবি যতীন্দ্ৰ নাথ দুৱৰাই সাহিত্য গুৰু লক্ষ্মীনাথ বেজবৰুৱাৰ ছোৱালীক ভাল পাই শেষত কবিতাৰ মাজত আত্মগোপন কৰিছিল। ময়ো গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতেই টিহুৰ মাখিবাহা গাঁৱৰ এজনী বামুণ ছোৱালীক ভাল পাই পেনপেনীয়া প্ৰেমৰ কবিতাৰ আশ্ৰয় লৈ পিছত সেইবোৰ দাহ কৰিছোঁ। তই হয়তো মই এজন ছিজোফ্ৰেনিয়া ব্যাধিত আক্ৰান্ত এজন ছাইকো পেছেন্ট বুলি ভাৱি মোক এজন ছাইকাট্ৰিস্টৰ ওচৰত যাবলৈ পৰামৰ্শ দিবি । মই কিন্তু ভুলতো এই মানসিক ৰোগৰ চিকিৎসা কৰা ডাক্তৰৰ তালৈ নেযাওঁ ; তেতিয়া গোটেই জীৱন ঔষধ খাই থাকিব লাগিব। মনৰ অশান্ত ভাৱ দূৰ কৰিবলৈ কেইবাবাৰো দিল্লী, কলিকতা, মোম্বাই, চেন্নাই, বাঙ্গালোৰ আদি ঠাইবোৰ দৰ্শন কৰি ক’তো শান্তি বিচাৰি নেপালোঁ। আমাৰ ভাৰতৰ মানুহবোৰৰ মুখবোৰ ইমান গোমোঠা কিয় বাৰু!! সকলো সময়তে যেন মুখমণ্ডলত আহাৰৰ মেঘ জমা হৈ থাকে। তেনেহলে, মোৰ এই বহেমিয়ান কেৰেক্টাৰটো কেতিয়াও সলনি নহ’ব নেকি?
তহঁতে ভাল দিয়া, সহজ সৰল ভাবে জীৱন যাপন কৰি ভাল পাৱ, পৃথিৱীক সহজ ভাবে লৱ, ধৰ্ম , পূজা -উপাসনা কৰি মন শান্ত কৰি ৰাখ ; ময়ো গতানুগতিক ভাবে ধৰ্ম আচৰণ কৰোঁ ; কিন্তু পূৰ্ণ শান্তি বিচাৰি নেপাওঁ ; কিবা যেন ভেকোভাওনা ভেকোভাওনা লাগে। পাৰস্যৰ বিখ্যাত কবি,দাৰ্শনিক ওমৰ খৈয়ামেও ” ৰুবায়েত” বোৰত সৃষ্টিকৰ্তাক এজন স্বৈৰাচাৰী সম্ৰাটৰ লগত তুলনা কৰিছে ; যিয়ে নিজ ইচ্ছাৰে পৃথিৱী সৃষ্টি কৰে আকৌ এপিনৰ পৰা ধ্বংসলীলা চলাই যায় ; কোনো প্ৰাৰ্থনাৰে তেওঁৰ মন গলাব নোৱাৰি।
প্ৰিয় মণি, আচলতে মোৰ মনৰ ভিতৰতে প্ৰকৃত সমস্যা লুকাই আছে যেন লাগে। আৰ্কিমিডিছৰ সূত্ৰৰ দৰে ময়ো চিঞৰি চিঞৰি কব পৰা হলো , ইউৰেকা,ইউৰেকা ; মই আৱিষ্কাৰ কৰিলোঁ আচল সমস্যা মোৰ মনৰ ভিতৰতে আছে । মই জীৱন যুদ্ধত সংগ্ৰাম কৰা এজন পৰাজিত সৈনিক। গতিকে, একমাত্ৰ মৃত্যুয়ে মোৰ দ্বন্দ্ব-সংঘাতৰ চিৰ অৱসান ঘটাব পাৰিব।
আজিলৈ আহোঁ দে । ভালে কুশলে থাক ; ময়ো জীয়াই থকা লৈকে ভালে কুশলে থকাৰ অভিনয় কৰি যাম। ইতি,
তোৰ বন্ধু,
হাবিব ইনছান
পাঞ্জাবাৰী, গুৱাহাটী