নীলাচল জাতীয় বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট পাৰদৰ্শিতা

pc facebook

নীলাচল জাতীয় বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট পাৰদৰ্শিতা

ৰঙিলী বাৰ্ত্তাসেৱা-  সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নীলাচল জাতীয় বিদ্যালয়ৰ বিগত বৰ্ষৰ দৰে এইবাৰো উৎকৃষ্ট পাৰদৰ্শিতাৰে বিদ্যালয় তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা ১৩ জন ছাত্ৰ- ছাত্ৰীৰ ৩ জনে ডিষ্টিংচন,১ জনে ষ্টাৰ,৫জনে বিভিন্ন বিষয়ত লেটাৰসহ প্ৰথম বিভাগ,২জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়৷বিদ্যালয়ৰ ছাত্ৰী এনিশা বণিক্যই ইংৰাজী,অসমীয়া,গণিত,বিজ্ঞান,সমাজ বিজ্ঞান,ঐশ্চিক বিষয় সত্ৰীয়া নৃত্যত লেটাৰ নম্বৰ লাভ কৰি সৰ্বমুঠ শতকৰা ৯১:১৭ মূল্যাংক লাভ কৰি ডিষ্টিংচন লাভ কৰে৷আনহাতে বিদ্যালয়ৰ ছাত্ৰ কিশোৰ কুমাৰ নাথে ইংৰাজী,গণিত,বিজ্ঞান,সমাজ বিজ্ঞান আৰু ঐশ্চিক বিষয় কম্পিউটাৰত লেটাৰ নম্বৰ লাভ কৰি সৰ্বমুঠ শতকৰা ৯১ মূল্যাংকসহ ডিষ্টিংচন লাভ কৰে৷লিজা কাশ্যপে ইংৰাজী,অসমীয়া,গণিত,বিজ্ঞান,সমাজ বিজ্ঞান আৰু ঐশ্চিক বিষয় সত্ৰীয় নৃত্যত লেটাৰ নম্বৰ লাভ কৰি সৰ্বমুঠ শতকৰা ৯০:১৭ মূল্যাংকসহ ডিষ্টিংচন লাভ কৰে৷আনহাতে মূৰ্চনা বৰ্মনে ইংৰাজী,গণিত,সমাজ বিজ্ঞান বিষয়ত লেটাৰ নম্বৰ লাভ কৰি সৰ্বমুঠ শতকৰা ৮০:৫ মূল্যাংকসহ ষ্টাৰ মূল্যাংক লাভ কৰে৷প্ৰীতিস্মিতা শৰ্মাই ইংৰাজী,অসমীয়া,সমাজ বিজ্ঞান আৰু ঐশ্চিক বিষয় সত্ৰীয়া নৃত্যত লেটাৰ নম্বৰ লাভ কৰি সৰ্বমুঠ ৮৩:৬৭ মূল্যাংকসহ ষ্টাৰ মূল্যাংক লাভ  কৰে৷