নিশাৰ মহানগৰীত হাতত সুৰাৰ বটল লৈ থানাত যুৱতীৰ তাণ্ডৱ

নিশাৰ মহানগৰীত হাতত সুৰাৰ বটল লৈ থানাত যুৱতীৰ তাণ্ডৱ

ৰঙিলী বাৰ্ত্তাসেৱা-  নিশাৰ মহানগৰীত পুনৰ সুৰাৰ ৰাগীত মাতাল যুৱতীৰ উদ্ভণ্ডালি।থানাৰ ভিতৰতে উদ্ভণ্ডালি চলালে মাতাল যুৱতীগৰাকীয়ে।হাতত সুৰাৰ বটল লৈ গড়চুক থানাত চলালে তাণ্ডৱ।জানিব পৰা মতে পামহিৰ পৰা গণেশপাৰালৈ যুৱতীগৰাকীক কেব বুক কৰি দিছিল এজন অচিন যুৱকে।কিন্তু উবেৰত উঠা যুৱতীগৰাকীয়ে পাহৰি যায় নিজৰ ঠিকনা।গণেশপাৰাৰ বাথৌ মন্দিৰৰ সমীপত ঘৰ বুলি কৈ গাড়ীত উঠা যুৱতীয়ে ঠিকনা পাহৰি যায়।উবেৰ চালকে মাতাল যুৱতীগৰাকী গড়চুক থানালৈ লৈ আনে।কিন্তু থানাত উপস্থিত হোৱাৰ পাছতে যুৱতীগৰাকী হাতত সুৰাৰ বটল লৈ থানাত আৰক্ষীক উদ্দেশ্য কৰি অশ্লীল গালি–গালাজ বৰ্ষণ কৰে। শেষত থানাই যুৱতীগৰাকীৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।