নিমাতী ঘাটত মৃত্যুৰ কিৰিলি
ময়ূৰাক্ষী গগৈ
বিয়লি বেলাত ‘মা কমলাত’ সকলো অপেক্ষাৰত
ওভতনি যাত্ৰাৰ বাবে….
হয়তো কোনো কৰ্মব্যস্ততাৰ শেষত
হয়তো কোনো বিৰতিৰ পাছত কৰ্মক্ষেত্ৰলৈ
হয়তো কোনো চিকিৎসাৰ অন্তত
নিজ নিজ গন্তব্যস্থললৈ ৰাওনা।
সকলো ৰৈ আছে ফেৰী এৰাৰ ক্ষণ গণি।
কিন্তু….
ভৰা লুইতেদি আগবাঢ়ি আহি আছে
কোনেও গম নোপোৱাকৈ
মৃত্যুদূতৰূপী ত্ৰিপকাই
মাথো এটাই খুন্দা…
চকুৰ পচাৰতে যেন সমস্ত শেষ।
চাৰিওফালে কেৱল হাহাকাৰ
কোলাহল আৰু কৰুণ বিননি।
বচাৰ অপ্ৰাণ প্ৰচেষ্টা।