নিমাতীৰ বিননী
হিমাদ্ৰী বৰকটকী, নগাঁও
মাজুলী যাৰ নামেই পৰিচয়
অভিশপ্ত সেই দিনটোৱে
কালৰ লগত মিতিৰালি কৰি ৰৈ আছিল…
বৰ লুইতৰ বুকুত
বিলীন হ’ল তিনিজনকৈ লোক
যেন টাইটানিকৰ পুনৰাবৃত্তি…
পৰি ৰ’ল পৰিমিতা,ইন্দ্ৰেশ্বৰ,বিক্ৰমজিৎৰ নিথৰ দেহ,
উসঃ কি হৃদয়বিদাৰক সেই মূৰ্হূত
মানুহৰ আৰ্তনাদত নিমাতী ঘাট
জীৱনটো বুকুত লৈ পানীত জাপ
যেন খেৰ-সুতা এডালেই পাওঁ
যেনেতেনে জীৱনটো বচাঁও
পত্নীক স্বামীহাৰা কৰি
গুচি গ’লা তুমি ইন্দ্ৰেশ্বৰ
মাতৃৰ বুকু উদং কৰি
পৰিমিতা ও গুচি গ’ল
সকলোকে সেৱা আগবঢ়ায়
তুমিওঁ গুচি গ’লা বিক্ৰমজিৎ
আজি তোমালোকৰ অভাব
কোনে পুৰাব
কিয় কৰিলা প্ৰভু তুমি এনেকুৱা
এখন এখন সুন্দৰ ঘৰ
ভাঙি ঠান-বান কৰি দিলা