নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত চি পি আই (এম)ৰ ৰাজ্যজোৰা প্ৰতিবাদ

নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত চি পি আই (এম)ৰ ৰাজ্যজোৰা প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা-  নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ আৰু বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত আজি ৰাজ্যজোৰা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চি পি আই (এম) দলে৷ চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটীৰ আহ্বানত গুৱাহাটীৰ উপৰি জিলাসমূহত প্ৰতিবাদ সাব্যস্ত কৰা হয়৷ গুৱাহাটীৰ পানবজাৰস্থিত বি এছ এন এলৰ কাৰ্যালয়ৰ সন্মুখত গুৱাহাটী আৰু ইয়াৰ উপ অঞ্চলৰ পৰা অহা কেইবা শতাধিক লোক সমৱেত হয়৷ প্ৰতিবাদকাৰী সকলে ফ্লেগ, বেনাৰ আৰু প্লেকাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে কামৰূপ (মহানগৰ) জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ এক বিশাল প্ৰতিবাদী সমদল উলিয়ায়৷ ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্য, জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ উদ্ধব বৰ্মন, কেন্দ্ৰীয় কমিটীৰ সদস্য সুপ্ৰকাশ তালুকদাৰ আৰু বিধায়ক মনোৰঞ্জন তালুকদাৰৰ নেতৃত্বত উলিওৱা সমদলে গুৱাহাটীৰ ৰাজপথ উত্তাল কৰে৷ ‘মূল্যবৃদ্ধি ৰোধ কৰক’, ‘মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ হায়-হায়’, ‘খাদ্য সামগ্ৰীৰ দাম হ্ৰাস কৰিব পৰা নাই কিয় বিজেপি চৰকাৰ জবাব দিয়ক’ আদি শ্ল’গানেৰে কামৰূপ (মহানগৰ) জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে৷ জিলা উপায়ুক্তৰ কাৰ্যালয় উদ্দেশ্যে ৰাওনা হোৱা প্ৰতিবাদী সমদলটোক আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বেৰিকেড দি বাধা দিয়ে৷ সন্মুখলৈ যোৱাত বাধা দিয়াত প্ৰতিবাদকাৰীসকলে তাতেই অৱস্থান কৰি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে আৰু প্ৰতিবাদ স্থলীতে এখন চমু সভা অনুষ্ঠিত কৰে৷ সভাৰ আঁত ধৰি ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্যই কয়, – ’মিঠাতেল, দাইল, শাক-পাচলি, কেৰাচিনকে ধৰি দৈনন্দিন ব্যৱহায্য প্ৰতিপদ খাদ্য সামগ্ৰী আৰু অন্যান্য নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি হৈছে৷ ব্যাপক জনমতৰ হেঁচাত পেট্ৰ’ল- ডিজেলৰ মূল্য কিছু হ্ৰাস কৰিছে যদিও এতিয়াও পেট্ৰ’ল-পণ্যৰ মূল্য যথেষ্ট চৰা হৈয়ে আছে৷ সেয়ে এই মূল্য হ্ৰাসৰ পাছতো এতিয়ালৈকে অন্যান্য সামগ্ৰীৰ মূল্য কমা  নাই৷  মূল্যবৃদ্ধিয়ে শ্ৰমিক, কৃষক, মধ্যবিত্তকে ধৰি সকলো অংশৰ লোকৰ জীৱন জীৱিকাৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে৷ অথচ বিজেপি নেতৃতাধীন চৰকাৰখনে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত এতিয়ালৈ কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই৷ গৃহ নিৰ্মাণকে ধৰি সকলো প্ৰকাৰৰ নিৰ্মাণ সামগ্ৰীৰ মূল্যও অনিয়ন্ত্ৰিত গতি কৰিছে৷ এয়া সকলোৰে জ্ঞাত যে বিগত সময়ৰ লকডাউনে লাখ লাখ লোকক কৰ্মহীন কৰাৰ লগতে বহু লোকৰ আয় ভয়ানক ধৰণে হ্ৰাস কৰিছে৷ জনসাধাৰণৰ এই দুৰ্যোগৰ সময়ত চৰকাৰে মূল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নিজৰ দায়িত্ব পালন নকৰি বজাৰৰ ওপৰত এৰি দিয়াটো অতি পৰিতাপৰ বিষয়৷ লক্ষ্য কৰা গৈছে যে কৃষক সকলে উৎপাদন কৰা ফচল এতিয়ালৈকে চৰকাৰে ন্যায্য মূল্যত ক্ৰয় কৰাৰ ব্যৱস্থা কৰা নাই ৷ ফলত কৃষক সকলে পানীৰ দামত উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ বাধ্য হৈছে’৷  ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য তথা সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে বক্তব্য ৰাখি মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা  অসম চৰকাৰৰ দায়িত্বহীনতাক তীব্ৰ ভাষাৰে নিন্দা কৰে আৰু শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি সংকটজৰ্জৰ জনতাক সকাহ দিবলৈ দাবী জনায়৷ চমু সভাত পাৰ্টিৰ কেন্দ্ৰীয় কমিটীৰ সদস্য সুপ্ৰকাশ তালুকদাৰৰ উপৰি কামৰূপ (মহানগৰ) জিলাৰ সম্পাদক শতঞ্জীৱ দাস, কামৰূপ জিলা আৰু গোৱালপাৰা জিলাৰ সম্পাদক কৰুণা ভূঞা আৰু পাৰভেজ আলীয়ে বক্তব্য ৰাখে৷ পাৰ্টিৰ ৰাজ্যিক কমিটীৰ পক্ষৰ পৰা কামৰূপ (মহানগৰ) জিলা উপায়ুক্তৰ জড়িয়তে মূল্যবৃদ্ধি ৰোধৰ দাবীত অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰা হয়৷ স্মাৰক পত্ৰত চাউল, আটা, মিঠাতেল, চেনী, চাবোন সহ ১৪ বিধ নিত্য প্ৰয়োজনীয় সামগ্ৰী সুলভ মূল্যত  যোগান ধৰা,  পেট্ৰ’ল-ডিজেল, কেৰচিন, ৰন্ধন গেছৰ দাম বৃদ্ধি ৰোধ কৰা, আয়কৰৰ আউতিত নপৰা প্ৰতিটো পৰিয়ালক প্ৰতি মাহে ৭৫০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা,নিৰ্মাণ সা-সামগ্ৰীৰ দাম হ্ৰাস কৰা আৰু কৃষকৰ উৎপাদিত ফচল ন্যায্য দামত চৰকাৰী উদ্যোগত ক্ৰয় কৰাৰ দাবী জনোৱা হয়৷ গুৱাহাটীৰ উপৰি বৰপেটা, বঙাইগাঁৱৰ মাণিকপুৰ, বিজনী, নলবাৰী, শোণিতপুৰ, বিশ্বনাথ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট জিলাৰ দেৰগাঁও, নগাঁও, হোজাই, কাচাৰ জিলাৰ শিলচৰ, হাইলাকান্দিআৰু কৰিমগঞ্জ জিলাত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷