নিঃশব্দৰ মাজৰ শব্দৰ – নাচিমা য়াচমিন

নিঃশব্দৰ মাজৰ শব্দৰ
 নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
কেতিয়াবা শব্দবোৰ নিঃশব্দ হয়,
কৰুণ দৃষ্টিত চাই ৰয়,
বাটৰুৱা সকলৰ চেণ্ডলৰ শব্দ,
ব্যস্ততাপূৰ্ণ চহৰৰ গাড়ী মটৰৰ হৰ্ণৰ কোলাহল
সকলোৰ মাজতে কেৱল থমকি ৰয়
হৃদয় গভীৰৰ অপ্ৰকাশিত কাহিনী বোৰ।
চৰাই উৰিছে, বেলি ওলাইছে, ডুবিছে,
জোনবাই মেঘৰ আঁৰত লুকাইছে,
বৰষুণ নামিছে, বতাহ বলিছে,
সকলোৱে নীৰৱেনিজৰ কাৰ্য সম্পূৰ্ণ কৰি গৈছে,
কেৱল মই পৰা নাই, সম্পন্ন কৰিবলৈ
জীৱনৰ আধৰুৱা পাঠ।
অসমাপ্তিৰ দলিছাত ই গা এৰি দিছে।
কিহৰ ইমান দুখ, কষ্ট,
নোপোৱাৰ হাবিয়াস,
হেৰুওৱাৰ আক্ষেপ,
যিমান আছে সিমানতেই কিয়
সুখী নহয় বাৰু, ?
যিবোৰ পাইছা , হেৰুৱাইছা,
লগত লৈ আনিছিলা জানো,,,,?
লগত নিয়াৰোঁ কোনো ব্যৱস্থা নাই,
সকলো কেৱল মোহ মায়াত
আৱদ্ধ হৈ মৰো।