নাৰী-শুভ্ৰজিত্ কলিতা, West Guwahati commerce College

নাৰী

ধৰ্ষিতা নাৰীয়ে কৈছোঁ মই ,
কিয় তঁহতে এনেদৰে ধৰ্ষণ কৰিলি?
কি পাপ কৰিছিলোঁ মই? তঁহতৰ

অʼই শুনচোন যাবলৈ দে অʼ মোক ।
তঁহতৰ ভৰিত ধৰিছো
যাবলৈ দে ।।
মা – পিতাই চাগে বাট চাই আছে অ’মোলৈ।
যাব দে মোক অʼই
ভনীজনীও বৰকৈ আশাৰে বাট চাই আছে।।।
যাব দে মোক কাবৌ কৰিছো অ’।।

আই ও মই চাগৈ আজি ঘৰলৈ
উভতি যাব নোৱাৰিম ।
ইহঁতে মোক ‌বান্ধি ৰাখিছে ‌ অ’।।
তঁহতে মোলৈ বাট চাই ৰৈ নাথাকিবি ।।

পিতাই অʼ তই ঠিকেই কৈছিলি।
এই পৃথিৱীখনত ভাল মানুহৰ সংখ্যা নিচেই কম ।।

পিতাই অʼ ইহঁতে মোৰ গাৰ কাপোৰবোৰ
চিঙি উলংগ কৰি দিছে অʼ।
আনকি মোক ধৰ্ষণ কৰি হত্যাও‌ কৰি দিলে।।

বৰ কষ্টত আছো অʼ মই আই।
পাৰিলে মোক ন্যায় দিবি তঁহতে।।
সেই পাশন্দ কেইটাক শাস্তি দিবি ।
তেতিয়াহে চাগে মই মুক্তি পাম।।