নাৰী বোঁৱতী নৈ
আলতাব হুছেইন
বিশ্বখনিকৰ শ্ৰেষ্ঠ সৃষ্টি
সৌন্দৰ্য্যৰে ভৰা মমতাময়ী নাৰী
এজাক প্ৰেমৰ বলিয়া বতাহ বিচাৰি
সময়ত যায় আগবাঢ়ি ।
নিজৰ বিৰহ – বেদনা
ঘাত -প্ৰতিঘাত বুকুত সামৰি
আপোন ঘৰখনৰ আপোনত্ব এৰি
আনৰ অন্ধকাৰ জীৱন
সুখি কৰি পোহৰ বিলাবলৈ ।
নাৰী এখন বোঁৱতী নদীৰ দৰে
সুখ-দুখ পাহৰি
বৈ যায় নিৰৱধি
প্ৰেমৰ এখন বোৱতী নদী হৈ ।
নদীয়ে যিদৰে গতি কৰে
বিশাল সাগৰ – সমুদ্ৰ বিচাৰি
ফাগুনৰ পছোৱা বতাহত
চৌদিশে উৰে ধূলি- বালি ।
যিদৰে ব’হাগৰ বৰষুণ জাকত
লঠঙা বিৰিখে পিন্ধে কুঁহিপাত
এজনী নাৰীয়ে আপোন মানুহৰ
মৰম-স্নেহৰে সলায় জীৱন বাট ।
নাৰী এখন বোঁৱতী নদীৰ দৰে
নিজৰ স্বাৰ্থ,লোভ ত্যাগ কৰি
বৈ যায় নিৰৱধি
আনৰ নিঃসংগতাৰ সংগ দিবলৈ …..!