নাৰী তুমি মোহিনী -এছ ইছলাম

Pc Wallpaper Flare
নাৰী তুমি মোহিনী
এছ ইছলাম, শিক্ষক, বৰপেটা
নাৰী তুমি মোহিনী
ক’বকে নোৱাৰোঁ
কোৱা চোন তোমাক
কেনেকৈ পাহৰোঁ?
কোনেনো তোমাক
কৰিলে সৃষ্টি
তোমাৰ মাধুৰ্য্য ৰূপত
পেলাব নোৱাৰোঁ দৃষ্টি!
কি যে আকৰ্ষণ
কি যে মোহিনী
তোমাৰ ৰূপৰ জানো
আছে বিকৰ্ষণ?
তোমাৰ মোহিনী ৰূপত
সকলো আপ্লুত
তোমাৰ কাম দৃষ্টিত
সকলো মোহিত।
তোমাৰ মোহিনী চাৱনীত
অগ্নি হৈ যায় পানী
তোমাৰ লাৱণ্য ৰূপত
সকলো সংঘাত ।
তোমাৰ মোহিনী ৰূপত
ভগৱান অস্থিৰ
আমিনো থাকিম
কেনেকৈ সুস্থিৰ?
তোমাৰ মোহিনী ৰূপ
জানিবা ধুৰূপ
তুমি নাৰী জাতি
ৰঙতেই সদা মতি।
ক’ৰপৰা আহিলা
কেনেকৈ তোমাৰ সৃষ্টি
কেনেকৈ আহিলা
এয়াতো অদৃশ্য দৃষ্টি।