নাৰী তুমি অনন্যা
হে’ নাৰী তুমি অনন্যা
এই বিশ্ব ব্ৰহ্মাণ্ডৰ বায়ু পানী বতাহ আৰু
ধুলিকণাইও নুবুজে নাৰীৰ মহিমা
নাৰীৰ দ্বাৰা হে সৃষ্টিৰ পূৰ্ণতা ৷
নাৰীৰ অপৰূপ দৃষ্টিৰ পলকত জীৱন সঞ্চাৰিত হয়
আকাশৰ মৃত নক্ষত্ৰৰ
নাৰীৰ স্পৰ্শই দিব পাৰে
মানবাতীত মৰ্যাদা অশান্ত মানবক ৷
নাৰীৰ সামান্য হাঁহিত
প্ৰতিধ্বনিত হয় মধুৰ সুৰৰ ঝংকাৰ
তথাপি কিয় ? কিয় বাৰু
ৰামায়ন মহাভাৰতৰ দিনৰ পৰাই নাৰী অৱহেলিতা লাঞ্চিতা
নাৰীৰ ওপৰত অকথ্য নিৰ্যাতন কিয় ?
সীতা কুন্তী দ্ৰৌপদী সাৰি নগ’ল জেৰেঙাৰ সতী জয়মতী
বুৰঞ্জীৰ পাতে পাতে খোদিত হ’ল
যন্ত্ৰনাতীত জীৱনৰ জীয়া কাহিনী ৷
গাৱে ভূঞে এতিয়াও কোনোৱে কান্দিছে
চিকাৰ হৈছে যৌতুক ডাইনী আৰু সন্তান হীনতাৰ বাবে
অমানিশা দূৰ হোৱা নাই সেই অবলা দূৰ্বলা নিঃসহায় নাৰীৰ বাবে ৷
হায় বৰ্বৰ মানবতা’
কলিজাৰ শোনিতে বোল দিয়া
বুৰঞ্জীৰ প্ৰতিখিলা পাত
লুতিয়াই লুতিয়াই জন্মিছে ধিক্কাৰ ৷
এইয়া গৰকি আছো আমি
আকাশ বগাবলৈ বান্ধি জখলা
বিজ্ঞানে চমৎকাৰ কৰা একৈশ শতিকা ৷
ভুল হ’লে মাৰ্জনা কৰিব ৷
(আজি নাৰী দিৱস ৷সকলো নাৰীলৈ সন্মান জনাই পঠালো মোৰ হৃদয়ৰ বানী ৷)
ইৰা বৰুৱা
যোৰহাট