নাৰীৰ  সাম্প্ৰতিক অৱস্থান – অনামিকা(সংগীতা)কলিতা

নাৰীৰ  সাম্প্ৰতিক অৱস্থান

অনামিকা(সংগীতা)কলিতা , শুৱালকুছি

৮ মাৰ্চ  বিশ্ব নাৰী দিৱসত পৃথিৱীৰ  সকলো নাৰীলৈ প্ৰণিপাত জনাইছোঁ। নাৰী দিৱসৰ প্ৰয়োজন আছে নে?আমাৰ নাৰী সকলৰ মনত  নিজকে প্ৰশ্ন কৰো !!হয় প্ৰয়োজন আছে। ৮মাৰ্চৰ  নাৰী  দিৱসৰ দিনা  আমি সকলো নাৰী  মিলিত হওঁ।  অশিক্ষিত নাৰী সকলক তেওঁলোকে ঘৰখনৰ লগতে নিজক  পৰিস্কাৰ পৰিচ্ছন্ন  কৰি কেনেকৈ ৰাখিব কেনেকৈ নিজৰ ভিতৰত থকা প্ৰতিভা চিনাকি কৰি দি তাক বিকাশ কৰাই সমাজখনৰ প্ৰগতিৰ পথত আগুৱাই যোৱাত সহায় কৰিব লাগিব।

কাৰণ  নাৰী এটি সত্তা ,ধৰাৰ লগত তুলনা কৰা হয় সেই নাৰীৰ এতিয়াও বহুত পিছ পৰি আছে । একবিংশ শতিকাৰ বিজ্ঞানৰ ইমান আগবঢ়া হোৱাৰ পিছতো নাৰীয়ে প্ৰকৃত স্থান লাভ কৰিছে নে?এটা ডাঙৰ প্ৰশ্ন।!!! নাৰী সকলৰ সাম্প্ৰতিক অৱস্থিতি এতিয়া নিম্নস্থানত আছে ।এতিয়াও নিজকে সুৰক্ষিত অনুভৱ নকৰে স্বাধীনতা পিছৰ কথা ।কিন্তু ইয়াত আমাৰ নাৰী সকলৰ দোষ নথকা নহয় । আমি নিজকে দুৰ্বল বুলি অনুভৱ কৰো আৰু আমাৰ নাৰীৰ মাজতে একতাৰ অভাৱ। কাৰণ বহুত আছে। অলপ অনুভৱ প্ৰকাশ কৰিলোঁ।

আমাৰ “”অভিভাৱক সকলৰ প্ৰধান কৰ্তব্য হ’ল কন্যা সন্তানক স্বাৱলম্বী কৰি গঢ়ি তোলা,তাৰ পিছতহে কন্যা গৰাকীৰ বিবাহৰ কথা ভবা দৰকাৰ “” ।

কাৰণ নাৰী হিচাপে নিজৰ অভিজ্ঞতাৰ পৰা কওঁ বৰ্তমান পৰিস্থিতিত এজনী কন্যাসন্তান বিবাহ দিয়াৰ কথা ভৱাতকৈ প্ৰথমে ছোৱালী জনীক স্বাৱলম্বী কৰি গঢ়ি তুলিব লাগে। কাৰণ ছোৱালী জনীক বিয়া দিয়াৰ পিছত যদি স্বামীৰ ঘৰখনৰ পৰা অসুবিধা পাই আৰ্থিক ভাৱে স্বাৱলম্বী হ’লে , তেতিয়া স্বামীৰ পৰা বিচ্ছেদ হ’লেও তাই নিজৰ জীৱনটো ভালদৰে অতিবাহিত কৰিব পাৰিব ।

স্বাৱলম্বী হ’লে ছোৱালী জনীয়ে নিজকে সুৰক্ষিত অনুভৱ কৰিব ,এয়া নাৰীৰ সকলৰ বাবে ধনাত্মক দিশ । আৰ্থিক অভাৱ থকা ঘৰ এখনত স্বাৱলম্বী কন্যা সন্তান এজনী আগমনে পৰিয়ালটো যথেষ্ট সকাহ পায় । সেই কাৰণে কন্যা সন্তানক পঢ়া শুনাই বিভিন্ন স্বাৱলম্বী হোৱাৰ উপযুক্ত শিক্ষা দিয়াৰ পিছতহে বিয়াৰ কথা অভিভাৱক সকলে ভাবিব লাগে তেতিয়াহে নাৰী গৰাকী  প্ৰকৃততে সুৰক্ষিত হ’ব।ছোৱালী জনীও নিজে যিকোনো পৰিস্থিতি মোকাবিলা কৰিব সাহস পাব। কিবা কাৰণত মাকৰ ঘৰখনত বিবাহ নোহোৱাকৈ অবিবাহিত থাকিলেও স্বাৱলম্বীতাই তাইৰ জীৱন চালিকা শক্তিক ইন্ধন যোগাব ।গতিকে এই ক্ষেত্ৰত প্ৰথম পদক্ষেপ নাৰীক স্বাৱলম্বী কৰি গঢ়ি তোলা।

দ্বিতীয়তে   আমাৰ ভাৰত বৰ্ষৰ দৰে অনুন্নত ৰাষ্ট্ৰত কন্যা সন্তানক আত্মৰক্ষাৰ কৌশল শিকোৱাৰ প অতি প্ৰয়োজন। কাৰণ আমাৰ প্ৰায় ভাগ পিতৃ- মাতৃ অশিক্ষিত। তেওঁলোকে   সন্তান সকলক কিছুমান ঘৰুৱা শিক্ষা ভালদৰে দিব নোৱাৰে, সেই কাৰণে   বিদ্যালয়ত আত্মৰক্ষা  আদিৰ বিষয় অন্তৰ্ভূক্ত কৰা খুবেই জৰুৰী। নহ’লে  নাবালিকা বহুত ছোৱালী মাক হোৱা  বাতৰি আদিত প্ৰায়ে পঢ়িব পাওঁ  ।

গতিকে চৰকাৰে গুৰুত্ব সহকাৰে বিদ্যালয়ত অন্তৰ্ভূক্ত কৰিব লাগে। শাৰীৰিক আৰু মানসিক দুয়োটা বিষয়  জড়িত কৰিব লাগে পাঠ্যক্ৰমত ।

এই ক্ষেত্ৰত সমাজ আৰু চৰকাৰ আৰু ঘৰখন সকলোৰে কিছুমান দিশ নিৰীক্ষণ কৰিব লাগিব। তেতিয়াহে নাৰী সুৰক্ষিত হ’ব।

চৰকাৰ আৰু অভিভাৱকৰ অকণমান গুৰুত্ব দিবলগীয়া কথা।যাৰ কাৰণে যুৱচামৰ পৰা নাৰীসকল সুৰক্ষিত নহয়।

১/ডেনড্ৰাইট আদিৰ দৰে বিভিন্ন নিচাৰ জাতীয় বস্তুৰ প্ৰতি আসক্তিৰ  একাংশ ব্যক্তিয়ে  এই ৰেপৰ দৰে জঘন্য কাণ্ডত জড়িত হয় ।
২/যুৱচামৰ  একাধিক প্ৰতিশোধ পৰায়ন মনোভাৱ ।
৩/ঘৰৰ বাতাবৰণ, কিছু অভিভাৱকৰ এজনে আনজনৰ প্ৰতি শ্ৰদ্ধাশীল মনোভাৱৰ অভাৱ যাৰ কাৰণে  ঘৰৰ বিশৃংখল পৰিবেশ,সৰুৰে পৰা সিহতৰ কোমল মনত মানসিক ভাৱে ভাঙি পৰে ,বিপথে পৰিচালিত হয় ।
৪/মানসিক বিকাৰ গ্ৰস্ত এচাম ।
৫/সংগ দোষ ।
৬/অভিভাৱকে সন্তানক লাগ বুলিলেই সকলো মুখৰ আগত দাঙি  ধৰা , পিছত ডাঙৰ হৈ  সিহঁতে যদি নাপায় আক্ৰোষ মূলক আৰু জেদি হৈ পৰে যিকোনো ক্ষেত্ৰত ।
৭/পুত্ৰ সন্তানক অগ্ৰাধিকাৰ বেছি পাই ,অভিভাৱকে সিহঁতৰ সৰু সৰু ভুল বোৰ আওকাণ কৰিলে ,পিছত কন্ট্ৰোল কৰিব নোৱাৰে।৮/ উচতনি মূলক মন্তব্য ।
৯/চৰকাৰৰ আইনৰ গতি লেহেমীয়া যাৰ কাৰণে এই জঘন্য অপৰাধীৰ সাহস বাঢ়ি যায়  ।
১০/তাতোকৈ ডাঙৰ কথা সিহঁতক ৰক্ষাৰ কবচো বিছাৰি পায় ।

এই সকলোবোৰ কাৰণৰ বাবেই আমাৰ নাৰী সকল পদে পদে বিপদৰ সন্মূখীন আৰু ধৰ্ষণৰ স্বীকাৰ হৈ  আহিছে   ।গতিকে এইখিনি কথা অকণমান গুৰুত্ব দিলে আমাৰ নাৰী সমাজ সুৰক্ষিত হোৱাৰ লগতে নাৰী সকল স্বাৱলম্বী হিচাপে নিজক প্ৰতিষ্ঠিত কৰিব  পাৰিব।