নাটকৰ সংজ্ঞা আৰু অসমীয়া নাট্য-সাহিত্যৰ এক চমু অৱলোকন  – জেফলিন চুলতানা

PC - Kolahal
নাটকৰ সংজ্ঞা আৰু অসমীয়া নাট্য-সাহিত্যৰ এক চমু অৱলোকন 
জেফলিন চুলতানা
সাহিত্যৰ এটি বিশেষ উপাদান হৈছে নাটক। নাটকত জীৱন সম্পৰ্কীয় ধ্যান-ধাৰণা আৰু অভিজ্ঞতাসমূহক অভিনেতাবৃন্দৰ পৰিৱেশনৰ মাজেৰে ফুটাই তুলা হয় । সাধাৰণতে এটি লিখিত পাণ্ডুলিপি অনুসৰণ কৰি অভিনয় কৰি নাট পৰিৱেশন কৰা হয় । অৰ্থাৎ নৃত্য-গীত সমন্বিত কথিত আখ্যানকে ‘নাটক’ বোলে।এৰিষ্ট’টলে নাটকৰ সংজ্ঞা এনেদৰে দিছে- “ক্ৰিয়াশীল ৰূপত ঘটনাৰ অনুকৰণ  । অৰ্থাৎ জীৱনৰ ঘটনাৰ দৰ্শনীয় ৰূপায়নেই নাটক ।” অধ্যাপক নিকলৰ মতে – “নাটক হ’ল জীৱন সম্পৰ্কীয় ধাৰণা প্ৰকাশৰ এক কলাৰূপ আৰু এই প্ৰকাশ এনেধৰণৰ যে ই অভিনেতা সকলৰ দ্বাৰা প্ৰদৰ্শিত হোৱাৰ উপযোগী।”ভাৰতীয় প্ৰাচীন সাহিত্যত নাটকৰ জন্ম কাব্যৰ পাছত হোৱাৰ দৰে অসমীয়া সাহিত্যতো একে সত্য প্ৰতিফলিত হৈছিল।পঞ্চদশ শতিকাৰ শেষৰফালে অসমীয়া লিখিত নাটকৰ ক্ৰমবিকাশ সূচনা হৈছিল বুলি কোৱা হয়।যদিও ইয়াৰ পূৰ্বৱৰ্তী কালছোৱাত ওজাপালি , পুতলানাচ , কুশানগান , ডুলীয়া নৃত্য আদি লোকনাট্যানুষ্ঠান অতি প্ৰাচীন কালৰে পৰা অসমত প্ৰচলিত আছিল । শিক্ষিত সমাজত সংকৃত নাটকৰ সমাদৰ আছিল । সংকৃত নাট্যনীতি আৰু লোক নাট্যানুষ্ঠানৰ উপাদানৰ সমন্বয়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পঞ্চদশ শতিকাৰ শেষৰফালে অংকীয়া নাটক সৃষ্টি কৰিছে।উনৈশ শতিকাৰ মাজভাগৰ পৰা অসমীয়া নাটকৰ আধুনিক ৰীতি পদ্ধতিৰ প্ৰচলন হয় । সেইসময়ত কলিকতাৰ উচ্চ শিক্ষাৰ কেন্দ্ৰ ঠাই হোৱা বাবেই অসমীয়া ছাত্ৰসকলে কলিকতাত পশ্চিমীয়া ৰীতিৰ ৰংগমঞ্চ , ইংৰাজী আৰু বঙালী নাট্যাভিনয় উপভোগ কৰি চেক্সপিয়েৰৰ নাটকসমূহ পাঠ্যপুথি হিচাপে কলেজত পঢ়ি  তেওঁলোকে পশ্চিমীয়া নাট্যকলাৰ লগত এটা যোগসূত্ৰ স্থাপন কৰিছিল । কলিকতাত পঢ়ি থকা চাৰিজন ছাত্ৰ ক্ৰমে ৰত্নধৰ বৰুৱা, গুঞ্জানন বৰুৱা , ঘণশ্যাম বৰুৱা আৰু ৰমাকান্ত বৰকাকতিয়ে চেক্সপিয়েৰৰ ‘কমেডি অব এৰৰছ্’ অসমীয়ালৈ প্ৰথম ৰূপান্তৰ কৰিছিল । ইয়াৰ আগতে অসমীয়াত ৰচিত হোৱা পৌৰাণিক আৰু সামাজিক নাটকবোৰ অংকীয়া নাট্যৰীতিৰ পৃথক আছিল —– সেইবোৰত পশ্চিমীয়া নাটকৰ প্ৰভাৱ পৰিছিল । উনৈশ শতিকাৰ এই নাটকবোৰ সম্পূৰ্ণৰূপে পুৰণি বা ভাৰতীয় নাট্যৰীতিৰ পৰা মুক্ত হ’ব পৰা নাছিল । আনফালে নাটকত সংস্কৃত শ্লোকৰ উদ্ধৃতি , নাটকৰ চৰিত্ৰবোৰৰ কাৰ্যকলাপ আৰু আচৰণত সংকৃত নাটকৰ সাদৃশ্য আছে । ৰুদ্ৰৰাম বৰদলৈৰ ‘বঙাল- বঙালনী’ ত সূত্ৰধাৰৰ প্ৰৱৰ্তন কৰা হৈছে । ‘ৰামনৱমী’ নাটকত পূজাৰীয়ে সূত্ৰধাৰৰ দৰে শেষৰ গীত পৰিৱেশন কৰিছে । পদ্মনাথ গোহাঞিবৰুৱাৰ নাটকত ইংৰাজসকলৰ অসমত ৰাজত্বৰ আৰম্ভণি কালৰ নিভাঁজ চিত্ৰ ফুটি উঠিছে । দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱাৰ ‘মহৰী’ প্ৰহসনত চাহ-বাগানৰ মেনেজাৰ , কৰ্মচাৰীৰ জীৱনৰ চিত্ৰ ৰূপায়ন কৰিছে।উনৈশ শতিকাত বিকাশ লাভ কৰা এই নাটকসমূহৰ পৰিপূৰ্ণতা আৰু অগ্ৰগতি কুৰি শতিকাত বেছি প্ৰকট হৈ পৰিছে।কাৰণ ঊনৈশ শতিকাত ভাৰতীয় আৰু পশ্চিমীয়া ৰীতিৰ অৱসান ঘটি চেক্সপীয়েৰৰ নাটকসমূহ অসমীয়া নাট্যকাৰৰ আৰ্হি হৈ পৰিল । এইগৰাকী মহান নাট্যকাৰৰ নাটকৰ অনুবাদ ভাবানুবাদ আৰু ৰূপান্তৰে অসমীয়া নাটকলৈ বৈচিত্ৰ্যতা আনিলে । কুৰি শতিকাৰ প্ৰায় তৃতীয় দশকলৈকে চেক্সপীয়েৰৰ ৰীতিয়ে অসমীয়া নাটকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল।এই সময়ছোৱাতে অসমীয়া ঐতিহাসিক আৰু পৌৰাণিক নাটকৰ সৰহভাগ ৰচনা কৰা হৈছিল।দ্বিতীয় মহাসমৰৰ আগলৈকে ৰচিত ঐতিহাসিক নাটক সমূহৰ ৰচনাৰীতিত উল্লেখযোগ্য বৈশিষ্ট্য প্ৰকাশ নাপালেও সমগ্ৰ দেশ জুৰি হোৱা অসহযোগ আৰু স্বাধীনতা আন্দোলনৰ প্ৰভাৱত ঐতিহাসিক নাটকৰ নাট্যকাৰসকলে পুৰণি কাহিনীৰ মাজেৰে দেশপ্ৰেম , জাতীয়ভাৱ প্ৰকাশৰ গুৰুত্ব দিছিল।ঐতিহাসিক আৰু পৌৰাণিক নাটকৰ সমান্তৰালভাবে অসমীয়া আধুনিক ৰীতিৰ নাটকৰ বিকাশৰ লগে লগে প্ৰহসন বা ধেমেলীয়া নাটক শ্ৰেণীৰ স্থান অসমীয়া নাট্য সাহিত্যৰ ক্ষেত্ৰত উল্লেখযোগ্য ।’মহৰী’, ‘কানীয়াৰ কীৰ্ত্তন’, ‘লিতিকাই’, নোমল, গাওঁবুঢ়া, যমপুৰী আদি প্ৰসহনে অসমীয়াত হাস্যৰহৰ প্ৰবাহ বোৱাই আনিছে।পঞ্চাছৰ দশকৰ একাংকিকা নাটক শ্ৰেণীৰ অভ্যুত্থানে এই হাস্যৰসাত্মক নাটক শ্ৰেণীক নতুন জীৱন প্ৰদান কৰিছিল।ঊনৈশ শতিকাৰ শেষৰফালে ইবছেনে তেওঁৰ বাস্তৱধৰ্মী সামাজিক নাটকসমূহৰ জৰিয়তে নাট্যজগতত খলকনি লগোৱাৰ পাছত অসমীয়া সাহিত্যতো ইয়াৰ ঢৌৱে স্পৰ্শ কৰিলে । অলৌকিকতা আৰু অবাস্তৱতাৰ পথ পৰিহাৰ কৰি সাহিত্যিকসকলে মানুহৰ জীৱনক জৰ্জৰিত কৰি ৰখা সমস্যাসমূহ সাহিত্যত এক বাস্তৱ দৃষ্টিভংগীৰে উপস্থাপন কৰিলে। লোমহৰ্ষক ঘটনা, অলংকাৰ সমৃদ্ধ সংলাপৰ ঠাইত যুক্তিবাদী গতিশীল সংলাপ নাটকৰ অপৰিহাৰ্য অংগ হৈ পৰিল।অসমীয়া নাট্যকাৰ সকলে এই নতুন ৰীতিৰ প্ৰতি আকৃষ্ট হৈ কিছুসংখ্যক বাস্তৱবাদী নাটক সৃষ্টি কৰিছিল।অসমীয়া  বাস্তৱবাদী সমাজক নাটক আংগিকৰ ফালৰপৰা বৈচিত্ৰ্যপূৰ্ণ হৈ পৰিছিল।নাটকবোৰ ইবছেনৰ নাটকৰ দৰে দুই-তিনি অংকযুক্ত হ’ল ।আকৌ কোনো কোনো ক্ষেত্ৰত অ‍ংক বিভাগৰ অৱসান ঘটাই দৃশ্য পৰম্পৰাৰ মাজেদি নাটক সম্পূৰ্ণ কৰা হৈছে । চিনেমাৰ আৰ্হিত ফ্লেছ বেক পদ্ধতিৰে কাহিনী পৰিবেশনৰ চেষ্টাও চলিছে। গীত-বাদ্য-পোহৰ আৰু কৌশলপূৰ্ণ মঞ্চ উপস্থাপন পদ্ধতিৰো সূচনা হৈছে।১৯৪৭ চনত প্ৰকাশিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লভিতা’ নাটখনি আধুনিক অসমীয়া ভিন্নধৰ্মী নাটকৰ বাটকটীয়া বুলি ক’ব পাৰি। প্লট , কাহিনী , চৰিত্ৰাংকন  সকলো দিশৰ পৰাই নতুন পথেৰে বাট বুলিছিল।আকৌ এবছাৰ্ট বা উদ্ভট ৰীতিৰ নাটকত গতানুগতিক চৰিত্ৰ অংকণ , সুপৰিকল্পিত সংলাপ , সুবিনস্ত কাহিনী , নায়ক চৰিত্ৰ একেবাৰে অনুপস্থিত । এটা ভাব বা বক্তব্য উত্থাপন কৰিব যাওঁতে বাস্তৱৰ সকলো পৰিস্থিতিৰ সহায় লোৱা হয় । চেমুৱেল বেকেট, ইউজী আয়নেস্কো আদি নাট্যকাৰৰ নাটকবোৰত এই লক্ষণবোৰ দৃষ্টি গোচৰ হয় । অসমীয়া সাহিত্যত যশস্বী নাট্যকাৰ অৰুণ শৰ্মাৰ ” আহাৰ” এবচাৰ্টধৰ্মী নাটক । জনপ্ৰিয় নাট্যকাৰ বসন্ত শইকীয়াৰ  মৃগতৃষ্ণা , মানুহ আৰু অসুৰ , সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ  “ভিক্ষা” আদি এনে ৰীতিৰ নাটক।জাৰ্মান দেশৰ বিপ্লৱী কবি  নাট্যকাৰ ৱাৰ্টেল ব্ৰেখটৰ এপিকধৰ্মী নাট্যৰীতি অনুসৰণ কৰি ৰচনা কৰা মুনিন শৰ্মাৰ ‘সভ্যতাৰ সংকট ‘, প্ৰফুল্ল বৰাৰ ‘বান’ বিশেষভাৱে উল্লেখযোগ্য । অসমীয়া নাটকৰ আংগিক আৰু উপস্থাপনত এক ব্যাপক পৰিৱৰ্তন সাধন ‌কৰাৰ ক্ষেত্ৰত এপিক আৰু এবচাৰ্ড ৰীতিৰ নাটকৰ প্ৰভাৱ অস্বীকাৰ কৰিব নোৱাৰি।বৰ্তমান এক বিশেষ ৰীতিতকৈ একাধিক ৰীতিৰ সমন্বয় সাধন কৰি আজিৰ নাট্যকাৰ সকলে নাটক ৰচনা কৰিছে। আগতে মঞ্চত অস্পশ্য হৈ থকা বিষয়বস্তুৱে আজি মঞ্চত প্ৰতিষ্ঠা লাভ কৰিছে।কৰুণ ৰস বা ট্ৰেজেডিৰ সৈতে হাস্যৰসৰ একাত্মতা স্থাপিত হৈছে।বৰ্ণধৰ্মীতা বা ধাৰাবাহিকতাৰ ঠাইত খণ্ডিত আৰু বিক্ষিপ্ত উক্তি বা উল্লেখে বিধিহীনতাৰ প্ৰাধান্য লাভ কৰিলে।মুঠতে অসমীয়া নাট্যকাৰসকলে সময়ৰ আহ্বানৰ প্ৰতি সহাঁৰি দি নাটকক যুগৰ উপযোগী ৰূপ দিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই ।