নাজিৰাৰ আঠখেলত অ’ এন জি চিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আটছাৰ

নাজিৰাৰ আঠখেলত অ’ এন জি চিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আটছাৰ :দূৰ্ঘটনাত নিহত আৰু আহত পৰিয়ালক ক্ষতিপূৰণৰ দাবী

যদুমণি হাজৰিকা,নাজিৰা, ৰঙিলী বাৰ্ত্তাসেৱা- মহাৰত্ন উদ্যোগ তেল আৰু প্ৰাকৃতিক গেছ নিগম ( অ’ এন জি চি) অসম সম্পদৰ অধীনৰ গধুৰ বাহন আদিয়ে বিভিন্ন সময়ত বিভিন্ন স্থানত দূৰ্ঘটনা সংঘটিত কৰাত বহুজনে প্ৰাণ হেৰুৱাব লগা হোৱাৰ উপৰি বহুজনে চিৰ জীৱনৰ বাবে পংগুত্বৰ জীৱন অতিবাহিত কৰিব লগা পৰিস্থিতিয়ে সেই পৰিয়ানসমূহ সম্প্ৰতি দূৰ্বিসহ যাপন কৰিছে । নিগম কৰ্তৃপক্ষই তেনে পৰিয়ালৰ লোকক উচিত ক্ষতিপুৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিয়েই দায়িত্ব সামৰে । তেনে পৰিয়াল সমূহৰ ভিতৰত ভৱজ্যোতি হাজৰিকা কুন্দল মিৰ্ধা আৰু শিৱা নায়ক । উল্লেখ্য যে , ২০২২ আৰু ২০২৩ বৰ্ষত অসমৰ মহাৰত্ন উদ্যোগ অ’ এন জি চিৰ অধীনত চলা গধূৰ বাহনে খুন্দিয়াৰ ফলত দুজনকৈ যুৱক ক্ৰমে ভৱজোতি হাজৰিকা আৰু কুন্দন মিৰ্ধা থিতাতে নিহত হৈছিল আৰু শিবা নায়ক নামৰ এজন যুৱক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ আহত হৈছিল।দূৰ্ঘটনা সংঘটিত হোৱাৰ পিছত নিহত আৰু আহত পৰিয়াললৈ উচিত ক্ষতি পূৰণ প্ৰদান কৰা বাবে অসম চাহ জনজাতি ছাত্ৰ সন্থাই তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ উৰ্দ্ধতম বিষয়াৰ লগত কেইবালানি বৈঠক অনুষ্ঠিত কৰি পৰিয়াল কেইটালৈ ক্ষতি পূৰণৰ দাবী উত্থাপন কৰিছিল ।দাবী অনুসৰি অ’ এন জি চিয়ে উক্ত পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।কিন্তু অ’ এন জি চিৰ সেই প্ৰতিশ্ৰুতি – প্ৰতিশ্ৰুতি হৈয়ে থাকিল।আজি পৰ্যন্ত অ’ এন জি চিয়ে উক্ত পৰিয়াল কেইটাক ক্ষতি পূৰণ প্ৰদান নকৰিলে।সেয়ে ১২ অক্টোবৰত পুৱা ৫ বজাৰ পৰা গেলেকী তৈল ক্ষেত্ৰৰ খাৰুৱা তেল সংৰক্ষণ কৰা জি জি এছ থ্ৰীৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চাহ জনজাতি ছাত্ৰ সন্থাই ।অ’ এন জি চি ৰ বিৰুদ্ধে বিভিন্ন শ্লোগানৰে প্ৰতিবাদ সাব্যস্ত কৰে আটছা আৰু নিহত আহত পৰিয়ালৰ লোকে আৰু পুনৰ ১২ অক্টোবৰৰ পৰা ৫ দিনৰ সময়সীমা বান্ধি দি এখন স্মাৰক প্ৰত্ৰ প্ৰদান কৰে সংগঠনটোৱে।৫ দিনৰ ভিতৰত যদি অ’ এন জি চিয়ে উক্ত পৰিয়াল কেইটাক ক্ষতি পূৰণ প্ৰদান নকৰে তেন্তে পৰৱৰ্তী সময়ত গেলেকী তৈল ক্ষেত্ৰৰ সকলো কাম কাজ অচল কৰি জংগী আন্দোলন কৰাৰ সকীয়নী প্ৰদান কৰে আটছা নেতা সকলে আৰু তাৰ বাবে অসম চাহ জনজাতি ছাত্ৰ সন্থা দায়ী নহব বুলি হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।