নাজিৰাত শিক্ষকৰ গ্ৰন্থ দান

নাজিৰাত শিক্ষকৰ গ্ৰন্থ দান

যদুমণি হাজৰিকা,নাজিৰা ,ৰঙিলী বাৰ্ত্তাসেৱা- নাজিৰাৰ অগ্ৰনী শিক্ষানুস্থান মদিনাতুল উলুম উচ্চ মাধ্যমিক বিদ্যালয়ত আজি ছাত্ৰ-ছাত্ৰীসকলৰ সফল ভৱিষ্যত জীৱন গঢ়াৰ লক্ষ্যৰে এক “কেৰিয়াৰ সজাগতা শিবিৰ” অনুস্থিত কৰা হয়। এই অনুস্থানত মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থকা নাজিৰা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড৹ ৰাজেন্দ্ৰ মোহন দেৱ শর্মাই গ্ৰন্থ অধ্যয়নেহে প্ৰকৃত মানৱ সৃষ্টি কৰে বুলি মন্তব্য কৰে। আনগৰাকী সমল ব্যক্তি মানস প্ৰতিম বৰুৱাই ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যত জীৱনত গ্ৰহণ কৰিব পৰা বিভিন্ন বৃত্তিৰ ওপৰত আলোকপাত কৰে। উক্ত আলোচনা চক্ৰত বিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰীয়ে ছাত্ৰ-ছাত্ৰীৰ সফল জীৱন গঢ়াৰ বাবে উপযোগী বহুতো মূল্যবান গ্ৰন্থ বিদ্যালয়ৰ পুথিভঁৰাললৈ আগবঢ়ায়। বিদ্যালয়ৰ প্ৰধান শিক্ষক মঃ আব্দুল হাচিবে অসমৰ আন বিদ্যালয়ৰ শিক্ষক কর্মচাৰীকো এনে মহান পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।