নাজিৰাত অসম অনুসূচীত জাতি পৰিষদৰ নাজিৰা জিলা সমিতিৰ উদ্যোগত দিবা নৈশ প্ৰাইজমানী টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা 

নাজিৰাত অসম অনুসূচীত জাতি পৰিষদৰ নাজিৰা জিলা সমিতিৰ উদ্যোগত দিবা নৈশ প্ৰাইজমানী টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা 
যদুমণি হাজৰিকা, নাজিৰা, ৰঙিলী বাৰ্ত্তাসেৱা- নাজিৰাৰ ১ নং ৱাৰ্ডত অসম অনুসূচীত জাতি পৰিষদৰ নাজিৰা জিলা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত কালিৰেপৰা অনুষ্ঠিত হৈছে দিবা নৈশ প্ৰাইজমানী টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখনি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে নাজিৰাৰ প্ৰাক্তন পৌৰপতি আব্দুৰ ৰহমানে। উক্ত উদ্বোধনী অনুষ্ঠানত নাজিৰাৰ জ্যেষ্ঠ সাংবাদিক দিলীপ হাজৰিকাৰ লগতে অসম অনুসূচীত জাতি পৰিষদৰ নাজিৰা জিলা সমিতিৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে। প্ৰতিযোগিতাৰ বিজয়ী দলক ট্ৰফি সহ ৩০০০০ টকা আৰু বিজিত দলক ২০০০০ টকা প্ৰাইজমানী প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে।
উদ্বোধনী খেলত মাদুৰী জয়া চাহ বাগিচা ক্ৰিকেট দলে পানীবিল দৰিকা ফাইটাৰ ক্ৰিকেট দলক ৯ ৰাণত পৰাজিত কৰি পৰৱৰ্তী খেললৈ অগ্ৰসৰ হৈছে । টচত জিকি মাদুৰী ক্ৰিকেট দলে নিৰ্ধাৰিত অভাৰত দুটা উইকেট হেৰুৱাই মুঠ ৬৭ ৰাণ সংগ্ৰহ কৰে । বিপৰীতে পানীবিল দৰিকা ফাইটাৰ ক্ৰিকেট দলে নিৰ্ধাৰিত অভাৰত এটা উইকেট হেৰুৱাই ৫৮ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।