নাও বুৰিলেও টিঙৰ পৰা নানামে প্ৰস্তুতি,অভিজিৎ

Pc the janambhumi

নাও বুৰিলেও টিঙৰ পৰা নানামে প্ৰস্তুতি,অভিজিৎ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক ‘লভিতা’ক ভ্ৰাম্যমাণৰ মঞ্চত বিকৃত কৰাক লৈ সামাজিক মাধ্যমত সমালোচনা অব্যাহত আছে।আনহাতে চচিয়েল মিডিয়াত আৱাহান থিয়েটাৰৰ পৰা প্ৰযোজক তথা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ আৰু নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যক বিভিন্নজনে সমালোচনাৰে থকা-সৰকা কৰিছে।ৰাইজৰ এনে প্ৰতিক্ৰিয়াৰ পাছতেই এতিয়া আৱাহন থিয়েটাৰ কৰ্তৃপক্ষই ‘লভিতা’ নাটৰ নাম সলনি কৰাৰ সিদ্ধান্ত লৈছে।ইতিমধ্যে এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে আৱাহান থিয়েটাৰৰ পৰা প্ৰযোজক তথা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে।প্ৰস্তুতি পৰাশৰে ফেচবুক পোষ্টযোগে লিখিছে– ”আৱাহন থিয়েটাৰৰ দীৰ্ঘদিনীয়া গৰিমা অক্ষুন্ন ৰাখি প্ৰতিনিয়ত চেষ্টা কৰি আহিছোঁ যাতে সুস্থ আৰু ৰুচি সম্পন্ন নাটক দর্শকক উপহাৰ দিব পাৰো,তাৰে উদাহৰণ হৈছে মূলা গাভৰু, জয়মতীৰ দৰে নাট সমূহ।চলিত বৰ্ষত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ অমৰ সৃষ্টি ৰ আলম লৈ এক পৃথক নাট্য ৰূপ হৈছে আৱাহন থিয়েটাৰত মঞ্চস্থ হোৱা লভিতা,যিহেতু দুখন মঞ্চৰ কথা আগত ৰাখি লভিতা নাট খন লিখা হোৱা নাছিল গতিকে ভ্ৰাম্যমাণৰ মঞ্চত উপস্থাপন কৰিবলৈ যাওঁতে যথেষ্ট সালসলনি তথা সম্পাদনাৰ প্ৰয়োজন হ’ব পাৰে ,যিটো কৰাৰ সাহস আমাৰ নাই।স্বাধীনতা সংগ্ৰামৰ সেই সময় খিনি ,বিভিন্ন মতবাদৰ উত্থান তথা শ্বহীদ সকলৰ ত্যাগ,এই সকলো দিশ সামৰি এক সুস্থ ৰূপত দৰ্শকৰ ওচৰলৈ নিয়াৰ এক প্ৰয়াস আৱাহণৰ এই নাট খনৰ যোগেদি।ৰূপকোঁৱৰ দেৱৰ চিৰযুগমীয়া সৃষ্টি সমূহৰ অবিহনে অসমীয়া জাতি আমাৰ কল্পনাৰো অগোচৰ,তেখেতৰ প্ৰতি একাজলি শ্ৰদ্ধাঞ্জলি আমাৰ এই প্ৰয়াস।(এই সকলো খিনি স্পষ্ট ঘোষণাৰ যোগেদি নাট খনৰ প্ৰথমতেই দিয়া হৈছে)।যিহেতু এই নাটখন এক পৃথক নাট্যৰূপ ,তেখেতৰ আন এখন নাটৰ এটি গীত (মোৰে জীৱনৰে সখা কৃষ্ণ)অতি সৱলীল ৰূপত উপস্থাপন কৰা টো তেখেতৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি।নাট খনৰ কোনো অংশত তেখেতৰ সৃষ্টিক বিকৃত কৰাৰ চেষ্টা বা সাহস আমি কৰা নাই বা কেতিয়াও কল্পনাই কৰিব নোৱাৰো।যি সকলে নাট খন প্ৰত্যক্ষ কৰিছে তেওঁলোকেই এই সত্যৰ সাক্ষী।সমালোচনা সকলোৰে সৃষ্টিৰ অপৰিহাৰ্য অংগ। কেৱল সুস্থ তথা স্পষ্ট সমালোচনাই সমাজ গঢ়ে।ব্যক্তিগত আক্ৰোশে দুখ দিয়ে।মঞ্চস্থ হৈ থকা নাট খনত কোনো দিশত আধুনিকীকৰণ বা বিকৃত পৰিবেশন নাই।গতিকে যি সকলে তেনে হোৱা বুলি অনুভৱ কৰিছে নাটখন সম্পূৰ্ণকৈ চাই আমাক স্পষ্ট ৰূপত আঙুলিয়াই দিলে আমি কৃতাৰ্থ হ’ম। ভাৰত মাতা কি জয় এক স্বাভাৱিক স্বতঃস্ফুট শ্লোগান প্ৰতিজন ভাৰতীয়ৰ, বিশেষকৈ স্বাধীনতা সংগ্ৰামৰ সময়ৰ।মাথোঁ এটি কথাই আমাকো ব্যথিত কৰিছে যে অনাগত সময়ত যদি নামটো একে হোৱাৰ বাবে সমাজত বিভ্ৰান্তিৰ সৃষ্টি হয় সেইয়া আমাৰ বাবে অতি দুৰ্ভাগ্যজনক কথা।এই সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে নাম পৃথক কৰাৰ ব্যৱস্থা লোৱা হৈছে।আমাৰ এক বিনম্ৰ অনুৰোধ সকলোকে যদি কিবা ভুল ৰৈ গৈছে নাটখন চাই উনুকিয়াই দিয়ক সুস্থ ৰূপত।পুনৰ দোহাৰিছোঁ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱ আমাৰ অসমীয়া সমাজৰ সাহস তথা সমাজ স্ৰষ্টা,তেখেতৰ সৃষ্টিক বিকৃত কৰাৰ ধৃষ্টতা কোনো অসমীয়াৰ নাই,তেনে কৰা বুলি কৈ আমাৰ তেখেতৰ প্ৰতি থকা শ্ৰদ্ধাক যেন অপমানিত নকৰে।(যি সকলে ইতিমধ্যে নাটখন চাইছে কমেণ্টৰ যোগেদি জনাওঁক কেনে পাইছে যদি কিবা বিকৃত পাইছে সেয়াও জনাওঁক মাথোঁ অনুৰোধ নোচোৱাকৈ একপক্ষীয় কমেণ্ট নকৰিব।)”উল্লেখযোগ্য যে,নাও বুৰিলেও টিঙৰ পৰা নানামে প্ৰস্তুতি পৰাশৰ আৰু নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য।এইবাৰ নাটকখন নতুন নাম দিয়েই চলাই নিয়াৰ চক্ৰান্ত কৰিছে।জ্যোতিপ্ৰসাদ আগৰৱালাৰ লভিতাক ভ্ৰাম্যমানৰ জৰিয়তে বিকৃত ৰূপত ব্যৱসায়িক স্বাৰ্থত বিক্ৰী কৰা হৈছে।এই নাটখন ভ্ৰাম্যমানত ইয়াৰ পূৰ্বেও মঞ্চস্থ হৈছিল।চিত্ৰলেখা থিয়েটাৰ, মুকুন্দ থিয়েটাৰ আদিত লভিতা মঞ্চস্থ কৰোতে জ্যোতিপ্ৰসাদৰ সৃষ্টিত কোনেও হাত দিয়া নাছিল। কিন্তু আৱাহন থিয়েটাৰৰ পৃষ্ঠপোষকতাত অভিজিৎ ভট্টাচাৰ্যৰ হতুৱাই জ্যোতিপ্ৰসাদৰ এই নাটকখন বিকৃত কৰা হ’ল।কিন্তু সেই নাটকখনক বিকৃত কৰি জ্যোতিপ্ৰসাদক অপমান কৰাৰ অধিকাৰ কাৰো নাই।