নলবাৰীৰ ৰাস চাবলৈ উপস্থিত বলীউদৰ ড্ৰীমগাৰ্ল হেমা মালিনী

Pc Twitter

নলবাৰীৰ ৰাস চাবলৈ উপস্থিত বলীউদৰ ড্ৰীমগাৰ্ল হেমা মালিনী

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীত উপস্থিত বলীউদৰ ড্ৰীমগাৰ্ল হেমা মালিনী।নলবাৰী ৰাস মহোৎসৱত অংশ লোৱাৰ উদ্দেশ্যে গুৱাহাটীত আহি উপস্থিত হৈছেহি হেমা মালিনী।মুম্বাইৰ পৰা বিমানযোগে বৰঝাৰৰ বিমানবন্দৰৰ পৰা পোনে পোনে হোটেল ৰেডিছন ব্লুত উপস্থিত হেমা মালিনী। হোটেলতে কিছু সময় জিৰণি লৈ হেমা মালিনী ৰাওনা হয় নলবাৰীলৈ।উল্লেখযোগ্য যে,নলবাৰী ৰাস মহোৎসৱত অংশ ল’বলৈ এদিনীয়া কাৰ্যসূচীৰে অভিনেত্ৰীগৰাকী অসমলৈ আহিছে।ড্ৰীম গাৰ্লক আদৰিবলৈ এখন বিশেষ বিলাসী বাহন সাজু কৰিছে নলবাৰী ৰাস মহোৎসৱ সমিতিয়ে।৬টা চিলিণ্ডাৰ যুক্ত ২৯৯৭ CCৰ এখন “ভিন্টেজ” বাহন সাজু কৰি ৰাখিছে সমিতিয়ে।