গোলাঘাটৰ টেঙানীত ৰেলে মহতিয়াই নিলে এখন ডাম্পাৰ : থিতাতে নিহত চালক

গোলাঘাটৰ টেঙানীত ৰেলে মহতিয়াই নিলে এখন ডাম্পাৰ : থিতাতে নিহত চালক

মৃগাংক বৰুৱা , ৰুপাংক বৰুৱা,গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- আজি পুৱা ১০ মান বজাত গোলাঘাটৰ টেঙানী খকনগুৰিত উন্মোক্ত ৰেলৱে লেভেল ক্ৰচিঙত AS-03-BC 2565 নম্বৰৰ এখন ডাম্পাৰ ৰেলে মহতিয়াই নিয়ে ।থিতাতে চালকজনৰ মৃত্যু হয় । জানিব পৰা মতে ডাম্পাৰখন দেৰগাওঁৰ আৰু চালকজন গোলাঘাট এৰেঙাপাৰৰ। উল্লেখ্য যে এই স্থানত পূৰ্বেও ৰেলে গাড়ী মহতিয়াই নিছে । এই ৰেল ক্ৰচিঙত গেট দিবৰ বাবে দল সংগঠনে দাবী জনাই আহিছে।