নলবাৰীত ‘মানুহে মানুহৰ বাবে-২০২১’ শীর্ষক সজাগতা সভা আয়োজন

pc Twitter

নলবাৰীত ‘মানুহে মানুহৰ বাবে-২০২১’ শীর্ষক সজাগতা সভা আয়োজন

অনলাইন বাৰ্ত্তাসেৱা-  নলবাৰীৰ বেচৰকাৰী সংগঠন এনী বডী কেন ড্রীমৰ (এ বি চি ডি) উদ্যোগত নলবাৰীৰ ড০ ভূপেন হাজৰিকা শিশু উদ্যানত গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি ‘মানুহে মানুহৰ বাবে-২০২১’ শীর্ষক এক চকু দান শিবিৰৰ লগতে সজাগতা সভা এখনৰ আয়োজন কৰে।সংগঠনটোৰ সভাপতি দিগন্ত মিশ্ৰই এ বি চি ডিৰ কাৰ্যকৰী সভাপতি ভ্ৰমৰ মজুমদাৰে আঁত ধৰা সজাগতা সভাখন সঞ্চালনা কৰে। কাৰ্যসূচীৰ আৰম্ভণিতে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিশিষ্ট ব্যক্তিসকলে। অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থকা বিশিষ্ট চকু চিকিৎসক ডাঃ অৰুণ বৰ্মনে ‘চকু দান মহান দান’ এই বিষয়ে বহলাই ব্যাখ্যা কৰি নিৰ্ভয়ে চকু দান কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। সভাত উপস্থিত থকা নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই নলবাৰীৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন এ বি চি ডিৰ চকু দান তথা চকু দানৰ সজাগতা সভা অনুষ্ঠিত কৰাত সংগঠনটোৰ কার্যনির্বাহকসকলক ধন্যবাদ তথা কৃতজ্ঞতা প্রকাশ কৰে।  এই সজাগতা সভাত ১১২ গৰাকী লোকে চকু দান কৰা স্বাক্ষৰসম্বলিত পত্ৰ জয়ন্ত মল্ল বৰুৱাৰ জৰিয়তে বিশিষ্ট চকু চিকিৎসক ডাঃ অৰুণ বৰ্মনৰ হাতত অৰ্পণ কৰে।