নন্দিতা হত্যাকাণ্ডৰ নায়ক ৰিন্টু শৰ্মা গুলিবিদ্ধ
ধেমাজি, ঢকুৱাখানা বাৰ্ত্তাসেৱাঃ ধেমাজিৰ পাশবিক, নাৰকীয় নন্দিতা হত্যাকাণ্ডৰ নায়ক ৰিন্টু শৰ্মা গুলিবিদ্ধ হৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ বিছনাত চিকিৎসাধীন অৱস্থাত আছে। ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়ৰ মেধাবী ছাত্ৰী ঢকুৱাখনাৰ সম্ভাৱনাময়ী যুৱতী নন্দিতা শইকীয়াক ধেমাজি নগৰৰ মাজ মজিয়াত দিন দুপৰতে উপৰ্যুপৰি ঘপীয়াই নৃশংস ভাবে হত্যা কৰিছিল মহাবিদ্যালয়খনৰ কৰ্মচাৰী এই ঘাটকটোৱে। পৰৱৰ্তী সময়ত নৰখাদকটোক গ্ৰেপ্তাৰ কৰি ধেমাজি জিলা ন্যায়িক জিম্মাত ৰখা হৈছিল। শনিবাৰে বিয়লি প্ৰায় ৪-৩০ বজাত এই বৰ্বৰ ঘাটকটোক ধেমাজি সদৰ আৰক্ষীয়ে জেৰাৰ বাবে আৰক্ষীৰ জিম্মালৈ অনা হৈছিল।
কিছু সময় থানাত ৰাখি নিশা প্ৰায় ১১-২০ বজাত ঘাটকটোক বিধিগত ভাবে স্বাস্থ্য পৰীক্ষা কৰিবলৈ ধেমাজি আৰক্ষীৰ এটা দলে ধেমাজি অসামৰিক চিকিৎসয়লয়লৈ নিয়া হয়। চিকিৎসালয়লৈ গৈ থকা সময়তে ঘাটকটোৱে প্ৰসাৱ কৰিব লগা বুলি কোৱাত আৰক্ষীৰ দলে পথটোৰ এখন পথাৰৰ সমীপত গাড়ী ৰখাই নমাই দিয়ে। কিন্তু চতুৰ হত্যাকাৰীটোৱে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ লগত যোৱা আৰক্ষী জোৱানৰ অস্ত্ৰ কাঢ়ি লৈ দৌৰি পলোৱাৰ চেষ্টা কৰে।
বিব্ৰত আৰক্ষীৰ দলটোৱে তাৎক্ষণিক ভাৱে মাৰণাস্ত্ৰ লৈ পলোৱাৰ চেষ্টা কৰা নিষ্ঠুৰ ঘাটকটোক গুলিয়াই আহত কৰে। বাওঁ ভৰিৰ আঁঠুৰ তলত গুলি লগৰ পাছত গুলিবিদ্ধ হৈ পথাৰতে ঢলি পৰা নৰ হত্যাকাৰীটোক ক্ষীপ্ৰতাৰে আৰক্ষীৰ দলটোৱে ধেমাজি অসামৰিক চিকিৎসালয়লৈ নি জৰুৰী চিকিৎসা প্ৰদান কৰে আৰু গুৰুতৰ জখমৰ প্ৰতি লক্ষ্য ৰাখি কৰ্তৃপক্ষই অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰে। বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। ৰাজ্য কঁপাই তোলা নন্দিতাৰ বৰ্বৰ হত্যাকাণ্ডৰ নায়কটোৰ এনে অপচেষ্টাৰ বিপৰীতে ধেমাজি আৰক্ষীয়ে গ্ৰহণ কৰা কঠোৰ পদক্ষেপত সন্তুষ্টি প্ৰকাশ কৰিছে ৰাজ্যবাসী শোকস্তব্ধ শুভাকাংক্ষী সকলে।
শনিবাৰে ৰাজ্য চৰকাৰৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কৃষাণৰ নন্দিতাৰ বাসভৱনত উপস্থিত হোৱাৰ ১২ঘণ্টাৰ পাছতেই হত্যাকাৰীটো গুলিবিদ্ধ হোৱা বিষয়টোৱে বিশেষ ভাবে চৰ্চা লাভ কৰিছে। ইপিনে নৰপিশাচটোৰ গুলিবিদ্ধ হোৱাৰ বাতৰিৱে ঢকুৱাখনাবাসীক উৎফুল্লিত কৰি তুলিছে। নন্দিতাৰ বাসগৃহত উপস্থিত ৰাইজ গুণমুগ্ধই এই হত্যাকাৰীটোৰ মৃত্যুদণ্ড অবিহনে নন্দিতাৰ আত্মাই শান্তি নাপাই বুলি কৈ মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ দাবী তুলিছে নন্দিতাৰ গৃহভূমিৰ ৰাইজ সংগঠনে। নন্দিতাক অকালতে হেৰুৱাই মৰ্মাহত পিতৃ মাতৃয়েও হত্যাকাণ্ডৰ নায়কটোক ফাঁচীৰ বিকল্প নাই বুলি দেওবাৰে কৈ সি কেৱল নন্দিতাকে মৰা নাই আমাৰ এটা পৰিয়ালক হত্যা কৰিছে বুলি কৰা হিয়াভগা কান্দোনত এক বেদনা সিক্ত পৰিৱেশৰ সৃষ্টি কৰে।
(Utpal Kalita)