“নদী দ্বীপ” – যতীশ ৰঞ্জন পাটগিৰি

pc WallpaperBettar

        অঞ্চলটো হ’ল দ্বীপটোৰ মাজভাগৰ সমতলীয় অঞ্চল য’ত প্রায় ঠায়ে ঠায়ে তিনি-চাৰিফুটৰ বৰফৰ চামনি থাকে। এই গ্ৰীণলেণ্ড নামৰ সুবৃহৎ দ্বীপটো ডেনমার্কৰ অধীনস্থ দ্বীপ। ২০১৯ চনৰ লোকপিয়ল অনুযায়ী ইয়াৰ জনসংখ্যা প্ৰায় ৫৬,২৫০ আৰু দ্বীপটোৰ ৰাজধানী চহৰ ‘গোথাথাৰ’ৰ লোক জনসংখ্যা প্রায় ২০ হেজাৰ। এই দ্বীপটোৰ বেছিসংখ্যক লোকেই ডেনিছ আৰু এঙ্কিমো। অতীতত এওঁলোকে যাযাবৰী জীৱন কটাইছিল যদিও এতিয়া স্থায়ী ঘৰ আদি সাজি বাস কৰে। অতীতত যেতিয়া যাযাবৰী জীৱন-যাপন কৰিছিল তেতিয়া সিন্ধুঘোটক (Warlus) চিকাৰ কৰি আৰু গৰু, ছাগলী পালন কৰি জীৱিকা নির্বাহ কৰিছিল যদিও এতিয়া নানা ধৰণৰ সংস্থাপনেৰে জীৱন-নিৰ্বাহ কৰে। এই সাগৰীয় দ্বীপটোত লোণ, সোণ, ইউৰেনিয়াম আদিৰ দৰে খনিজ সম্পদো আছে। যিহেতু এই দ্বীপটাত খেতি প্ৰায় নহয়েই, সেয়ে ইউৰোপীয় দেশবোৰৰ পৰায়েই প্রায়ে খাদ্য সামগ্রী আমদানি হয়। ঠায়ে ঠায়ে কৰবাত গছ বিৰিখ আছে যদিও গছবোৰৰ উচ্চতা ১০ ফুটৰ বেছি নহয়। দ্বীপটোত জলবায়ু বা বতৰৰ পৰিৱৰ্তনো খুব খৰতকীয়া। কেতিয়াবা খুব উজ্জ্বল বতৰ হয় যদিও নিমিষতে ইয়াৰ পৰিৱৰ্তনেই, ঘন কুঁৱলী পৰে নতুবা তুষাৰপাত হয়। উপকুলীয় অঞ্চলত জুন-জুলাই মাহত তাপমান ১০ ডিগ্ৰী চেলছিয়াছ হয় যদিও দ্বীপটোৰ মধ্যভাগৰ তাপমান ৪৭ ডিগ্ৰী চেলছিয়াছো পায়গৈ কেতিয়াবা। জীৱ-জন্তুৰ ভিতৰত এই দ্বীপটোত বগা ভালুক বা পোলাৰ বিয়াৰ আৰু সিন্ধু ঘোটক পোৱা যায়। ৯৮১ খ্ৰীষ্টাব্দত গ্ৰীণলেণ্ডৰ নিকটৱর্তী দ্বীপ আইচলেণ্ডৰ পৰা এৰিক ডা ৰেড নামৰ ব্যক্তি এজন নিৰ্বাসিত হৈ সাগৰেৰে ২৮০ কিলোমিটাৰ পশ্চিমলৈ গৈ এই দ্বীপটোৰ দক্ষিণাংশত ভৰি দি কিছু সেউজীয়া গছ-বিৰিখ দেখি ঠাইখিনিৰ নাম গ্ৰীণলেণ্ড থৈছিল। আজিও সমগ্ৰ পৃথিৱীয়ে এই দ্বীপটোক গ্ৰীণলেণ্ড নামেৰেই জানে।

যতীশ ৰঞ্জন পাটগিৰি
ফোনঃ ৯৮৩৫৭০৩৬৮৮