ধৰ্ষণ কাৰীক উচিত শাস্তি দিব লাগে – হীৰক কলিতা

ধৰ্ষণ কাৰীক উচিত শাস্তি দিব লাগে 
  হীৰক কলিতা ,
স্নাতক পঞ্চম ষাণ্মাসিক, অসমীয়া বিভাগ ,
নলবাৰী মহাবিদ্যালয়
আমি প্ৰতিদিনে বাতৰি কাকত , টেলিভিছন আদিত যুৱতী ধৰ্ষণ কৰা দেখা পাওঁ , কিন্তু এই ধৰ্ষণ কাৰী সকলে উচিত শাস্তি পায়নে ? দিনৰ পিছত দিন আমি ধৰ্ষণ কাৰীৰ বিৰুদ্ধে সংবাদ মাধ্যম , বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিবাদ কৰোঁ । কিন্তু খুব কম সংখ্যক ধৰ্ষণ কাৰীহে উচিত শাস্তি পায় । কিছুমান ধৰ্ষণ কাৰী টকাৰ বলত মুকলি আকাশৰ তলত ঘুৰি ফুৰাও আমি দেখা পাওঁ । এজনী ছোৱালীক কিমান কষ্ট কৰি পিতৃ – মাতৃয়ে ডাঙৰ দীঘল কৰে কিন্তু তেনেস্থলত কেইজনমান ধৰ্ষণ কাৰীয়ে সেই ছোৱালী জনীক ক্ষন্তেকতে হত্যা কৰে । আচলতে ধৰ্ষণ কাৰী সকলক কঠোৰ শাস্তি দিব লাগে যাতে দ্বিতীয় জনে কোনো ছোৱালীক ধৰ্ষণ কৰিবলৈ সাহস নাপায় । এই ধৰ্ষণ কাৰী সকলৰ ওপৰত চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিব লাগে তেতিয়াহে ধৰ্ষণ কাৰীৰ সংখ্যা কমিব । আমি কিতাপে – কাগজে , বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে নাৰীক সুৰক্ষা দিব লাগে বুলি প্ৰতিবাদ কৰোঁ । প্ৰকৃততে এইবোৰ কথা বাস্তৱ জীৱনত প্ৰয়োগ কৰিলেহে আমাৰ সমাজৰ উন্নতি হ’ব ।