ধেমাজিৰ বোমা বিস্ফোৰণৰ ৬ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ

ধেমাজিৰ বোমা বিস্ফোৰণৰ ৬ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ hig c ke

ৰঙিলী বাৰ্ত্তাসেৱা– গুৱাহাটী উচ্চ ন্যায়ালয়ে ধেমাজিৰ বোমা বিস্ফোৰণৰ সকলো অভিযুক্তক দোষমুক্ত ঘোষণা কৰে। নিম্ন আদালতৰ ৰায়দানক প্রত্যাহ্বান জনাই হাই কৰ্টৰ দ্বাৰস্থ হৈছিল আবেদনকাৰী। ২৪ জুলাইত গোচৰটোৰ চূড়ান্ত শুনানি গ্রহণ কৰিছিল উচ্চ ন্যায়ালয়ে। ২০০৪ চনৰ ১৫ আগষ্টত সংঘটিত হৈছিল এই ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। স্বাধীনতা দিৱসৰ দিনা আলফাই বোমা বিস্ফোৰণ ঘটাইছিল । সেই বিস্ফোৰণত ১৮টি কণ কণ শিশুৰ মৃত্যু হৈছিল। নিম্ন আদালতে মুঠ ৬ অভিযুক্তক দোষী সাব্যস্ত কৰিছিল। দিপাঞ্জলী বুঢ়াগোঁহাই, মুহী সন্দিকৈ, যতীন দুৱৰী,লীলা গগৈক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছিল। প্রশান্ত ভূঞা আৰু হেমেন গগৈক ৪ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছিল। সকলো অভিযুক্তকে আজি দোষমুক্ত ঘোষণা কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।