ধেমাজিত  পিষ্টল চাফা কৰি থাকোতেই গুলী ফুটি মৃত্যু

ধেমাজিত  পিষ্টল চাফা কৰি থাকোতেই গুলী ফুটি মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  পিষ্টল চাফা কৰি থাকোতেই গুলী ফুটি মৃত্যু এজন লোকৰ। ধেমাজি নগৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। বিশিষ্ট ব্যৱসায়ী সদাগৰ বৰুৱাই নিজৰ লাইচেঞ্চ থকা পিষ্টল চাফা কৰি থকাৰ সময়তে সংঘটিত হয় এই অঘটন। লোকজনে পিষ্টলটো পৰিষ্কাৰ কৰি থকাৰ সময়তে হঠাৎ পিষ্টলটোৰ পৰা গুলী ফুটি মূৰত লাগে লোকজনৰ। ফলত থিতাতে মৃত্যু হয় সদাগৰ বৰুৱাৰ।ঘটনাৰ সম্পৰ্কে বিশিষ্ট ব্যৱসায়ী বৰুৱাৰ ডাঙৰ পুত্ৰই সংবাদ মাধ্যমৰ আগত এইদৰে অৱগত কৰে ৷ দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল ব্যৱসায়ীজন।যাৰ বাবে তেওঁ শাৰীৰিক ভাৱে অতি দুৰ্ৱল হৈ আছিল। ইফালে পৰিয়ালে জনোৱামতে অসুস্থ বৰুৱাক বুধবাৰে পুনৰ চিকিৎসাৰ বাবে চেন্নাইলৈ নিয়াৰ কথা আছিল ৷