ধুবুৰী- হাটশিঙীমাৰী জাহাজ সেৱা (ৰো-ৰো সেৱা) বন্ধৰ ৰহস্য কি
মিজানুৰ ৰহমান,ধুবুৰী
আই ডব্লিউ টি বিভাগ— আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনৰ ধুবুৰী-হাটশিঙিমাৰীত প্ৰথমবাৰৰ বাবে জাহাজ সেৱা আৰম্ভ হ’ল ২০১৭ চনৰ ১ জুলাইত। জাহাজখন আছিল মালবাহী লগতে যাত্রীও কঢ়িয়াই নিছিল, ফলত ধুবুৰী হাটশিঙিমাৰী ৰাইজৰ বহুতো সুবিধা হৈছিল। জাহাজখনত সকলো ধৰণৰ যান-বাহন কঢ়িওৱা সুবিধা আছিল। বহুদিনৰে পৰা প্রচলিত ধুবুৰী-হাটশিঙিমাৰী নাওপথ অতি বিপজ্জনক। ব্ৰহ্মপুত্ৰৰ দুই পাৰ সংযোগী প্রায় ৪০ কিলোমিটাৰ নাওপথ তথাকথিত ‘লন্স’বোৰে নিৰাপদবিহীনভাৱে ৩০০-৪০০ মানুহৰ লগতে গধুৰ মালবস্তু কঢ়িয়ায়। নিৰাপত্তাহীনতাৰ বাবে কেইবাবাৰো এই লন্স বোৰ দুর্ঘটনাত পতিত হৈ ভালেসংখ্যক যাত্ৰীয়ে মৃত্যুবৰণো কৰিছিল। বিশেষকৈ ধুমুহাৰ কালত বিশাল ব্ৰহ্মপুত্ৰৰ মাজত চৰম বিপদৰ সন্মুখীন হ’ব লগা হয়। ২০১২ চনত ধুবুৰী-মেদাবটাৰী লন্স দুর্ঘটনা হৈ ১০৩ জন পানীত ডুবি মৰিছিল, ১০০ জনৰো অধিক নিৰুদ্দেশ হৈছিল। সেই উদ্দেশ্যি তেতিয়াৰ পৰা চলি থকা ৰাইজৰ সুৰক্ষাৰ দাবীত নিৰাপদযুক্ত জাহাজৰ চলাচল আৰম্ভ হ’ল ২০১৭ চনৰ ১ জুলাইত। দুই পাৰৰ মানুহে বহু সকাহ পাইছিল বৈজ্ঞানিক পদ্ধতিত নিৰ্মাণ কৰা এই জাহাজ সেৱাৰ বাবে। কিন্তু ৰহস্যজনকভাৱে ধুবুৰী হাটশিঙিমাৰী জাহাজ সেৱা জুলাই মাহত আৰম্ভ হৈ জুলাই মাহ শেষ নৌহওঁতেই বন্ধ হোৱাত ৰাইজৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। কি কাৰণত এই সেৱা বন্ধ হ’ল, ইয়াত কি ৰহস্য লুকাই আছে, ৰাইজৰ মনত কৌতূহল হৈ আছে। এই নতুন জাহাজখন বৰ ডাঙৰ, আহল বহল আৰু নিৰাপদযুক্ত। উল্লেখ্য যে নতুন জাহাজখন আৰম্ভ হোৱাৰ প্ৰথমদিনাই আগৰে পৰা চলাচল কৰি থকা ‘লন্স’ পক্ষই জাহাজৰ কর্তৃপক্ষক জাহাজ চলাবলৈ বাধা প্ৰদান কৰিবলৈ ধৰে৷ পিছলৈ দুই পক্ষৰ মাজত মতানৈক্য হয় আৰু পৰিস্থিতি উত্তপ্ত হোৱাত আৰক্ষীৰ দ্বাৰাহে নিয়ন্ত্রণ কৰিবলগীয়া হয়। কোনো জাননী নিদিয়াকৈ হঠাতে জাহাজ সেৱা বন্ধ হোৱাত ৰাইজৰ বহুতো অসুবিধাৰ সৃষ্টি হৈছে। বিশেষকৈ ব্যক্তিগত চাৰিচকীয়া গাড়ী ব্যবসায়ীসকলে অনা-নিয়া কৰা ট্রাক গাড়ী আদি বহন কৰিব নোৱাৰাত ইয়াৰ ৰাইজে জীয়াতু ভূগিবলীয়া হৈছে। প্রশাসনেও ৰাইজৰ হকে জাহাজ পুনবাস্ত কৰিবলৈ কোনো পদক্ষেপ লোৱা নাই। সেয়েহে সংশ্লিষ্ট কর্তৃপক্ষত অনুৰোধ ধুবুৰী হাটশিঙিমাৰীবাসী ৰাইজৰ নিৰাপত্তাজনিত স্বার্থত, মালবস্তু গাড়ী আদি কঢ়িয়াই নিয়াৰ সুবিধার্থে আকৌ ধুবুৰী-হাটশিঙিমাৰী জাহাজ সেৱা শীঘ্ৰে আৰম্ভ কৰে যেন।