ধীৰেনপাৰা প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস

ধীৰেনপাৰা প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা-  সমগ্ৰ অসসমৰ লগতে গুৱাহাটীৰ ধীৰেনপাৰা প্ৰাথমিক বিদ্যালয়তো অতি উলহ-মালহেৰে শিশু দিৱস উদযাপন কৰা হয় । সভাৰ আৰম্ভণিতে জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ তথা বন্তি প্ৰজ্বলন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্রী ৰাজু তালুকদাৰে। সভাৰ আদৰণি ভাষণ ৰাখে সহকাৰী জ্যেষ্ঠ শিক্ষয়িত্রী ভৱানী শৰ্মাই । উপস্থিত থাকে বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি হাঁহি ৰাম কলিতাকে আদি কৰি কেইবাজনো শিক্ষক শিক্ষয়িত্রী উপস্হিত থাকে।সহকাৰী শিক্ষয়িত্রী তৃষ্ণা মালীৰ দ্বাৰা কবিতা আবৃত্তিৰে আৰম্ভণি হোৱা অনুষ্ঠানত জৱাহৰলাল নেহৰুৰ কৰ্মজীৱনৰ ওপৰত বিভিন্ন জনে আলোকপাত কৰে ।জাতীয় সংগীত পৰিৱেশনৰ অন্তত প্ৰাক্তন ছাত্ৰ জাবেদে শলাগৰ শৰাই আগবঢ়ায় ।