ধীৰেনপাৰা উজ্জ্বলনগৰত কালী পূজা

Pc- Times Of India

ধীৰেনপাৰা উজ্জ্বলনগৰত কালী পূজা

ৰঙিলী বাৰ্ত্তাসেৱা-  সাৰ্ববজনীন শ্ৰীশ্ৰী কালী পূজা উদ্‌যাপন সমিতিৰ উদ্যোগত বৃহস্পতি আৰু শুকুৰবাৰে কালী মন্দিৰ প্ৰাংগণত কালী পূজা উদ্‌যাপন কৰা হয়৷বৃহস্পতিবাৰে পুৱাৰ ভাগত ধৰ্মধব্জা উত্তোলন কৰে লেখক,সমাজকৰ্মী ৰমেশ চন্দ্ৰ শৰ্মাই,মহিলাৰ পানীতোলা শোভাযাত্ৰা পতাকা জোকাৰি মুকলি কৰে লেখক,নাট্যকাৰ,অভিনেতা ধীৰেন ভট্টাচাৰ্যই,চিত্ৰাংকন প্ৰতিযোগিতা,খেল-ধেমালি আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়৷সন্ধিয়াৰ ভাগত বন্তি প্ৰজ্জ্বলন কৰে ধীৰেন ভট্টাচাৰ্যই৷পূজাত ভাগ লয় স্হানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই৷নিশাৰ ভাগত পূজা অৰ্চনা কৰা হয়৷শুকুৰবাৰে পুৰস্কাৰপ্ৰাপ্ত প্ৰতিযোগীক বঁটা বিতৰণ কৰে৷অৰূপ কলিতা আৰু সোনেশ্বৰ কুমাৰৰ পৰিচালনাত নাগাৰা নাম পৰিৱেশন কৰে৷