ধনশিৰি মহকুমাৰ বৰপথাৰত ৰেল বিভাগৰ বৃহৎ উচ্ছেদ অভিযান 

ধনশিৰি মহকুমাৰ বৰপথাৰত ৰেল বিভাগৰ বৃহৎ উচ্ছেদ অভিযান 

ৰূপাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- ধনশিৰি মহকুমাৰ বৰপথাৰত ৰেল বিভাগৰ বৃহৎ উচ্ছেদ অভিযান । কালি আবেলি দুখন এচক্সেভেটৰ লৈ ৰেল বিভাগে এই উচ্ছেদ অভিযান চলাই । উল্লেখ্য সূদীৰ্ঘ ৭০ বছৰতকৈও অধিক কাল একাংশ লোকে ৰেল বিভাগৰ ভূমিত অবৈধ ভাবে দোকান -পোহাৰ খুলি ব্যৱসায় কৰি আহিছিল । তদুপৰি একাংশলোকে ৰেলৱে ভূমিত অবৈধ ভাবে ঘৰ বনাই নিগাজিকৈ বসবাস কৰিছিল । উত্তৰ পূব সীমান্তৰ লামডিং ডিভিজনৰ ৰেল বিভাগৰ উচ্চ পদস্থ বিষয়া আৰু ৰেলৱে আৰক্ষীৰ উপস্থিতিত এই উচ্ছেদ অভিযান চলে । উচ্ছেদৰ সময়ত ধনশিৰি মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে ৰেল বিভাগক সহযোগ কৰে । ৰেল বিভাগৰ উন্নয়ণ অধিক তৰাম্বিত কৰাৰ স্বাৰ্থত এই উচ্ছেদ অভিযান চলাই । উচ্ছেদিত স্থানত ৰেল বিভাগে ড্ৰাৱল ট্ৰেকৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে সৰুপথাৰৰ ৰাজহ চক্ৰ বিষয়াই । ৰেল বিভাগে প্ৰায় শতাধিক ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে ৰেল বিভাগৰ ভূমিত অবৈধ ভাবে নিৰ্মাণ কৰা মানুহৰ বাসগৃহও উচ্ছেদ কৰে ।