দৰ্জীৰ হত্যাৰ পিছত উদয়পুৰআইজি, এছপিকে ধৰি ৩২ জন আইপিএছ বিষয়াক বদলি

Pc Hindustan Times

দৰ্জীৰ হত্যাৰ পিছত উদয়পুৰআইজি, এছপিকে ধৰি ৩২ জন আইপিএছ বিষয়াক বদলি

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজস্থানত দৰ্জী কানহাইয়া লালৰ শিৰচ্ছেদৰ পিছত, উদয়পুৰৰ আৰক্ষী মহাপৰিদৰ্শক (আইজি) হিংলাজ দান আৰু আৰক্ষী অধীক্ষক (এছপি) মনোজ কুমাৰক বদলি কৰা হয়। ৰাজ্যজুৰি ১০ খন জিলাৰ এছপিকে ধৰি মুঠ ৩২ জন ভাৰতীয় আৰক্ষী সেৱাৰ (আইপিএছ) বিষয়াক বদলি কৰা হয়।  আইজি হিংলাজ দানক আইজি নাগৰিক অধিকাৰ হিচাপে নিযুক্তি দিয়াৰ সময়ত, এছপি মনোজ কুমাৰক কোটাত ৰাজস্থান আৰ্মড কন্সটেবলীৰ (আৰএচি) দ্বিতীয় বেটেলিয়নলৈ স্থানান্তৰ কৰা হৈছিল। প্ৰফুল কুমাৰক নতুন উদয়পুৰ আইজি হিচাপে লিযুক্তি দিয়া হৈছে।