দৰঙৰ হাজৰিকাপাৰাত ভিন্নসুৰী ৰচনা সংকলন “লেখা সমুচ্চয়” উন্মোচন

দৰঙৰ হাজৰিকাপাৰাত ভিন্নসুৰী ৰচনা সংকলন “লেখা সমুচ্চয়” উন্মোচন

মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা,ৰঙিলী বাৰ্ত্তাসেৱা- দৰঙৰ হাজৰিকাপাৰাৰ সুসন্তান,দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজৰ প্ৰাক্তন সভাপতি আৰু সম্পাদক, সংস্কৃত পণ্ডিত, বিশিষ্ট সমাজকৰ্মী , প্ৰয়াত চন্দ্ৰধৰ শৰ্মা শাস্ত্ৰীৰ স্বৰচিত ভিন্নসুৰী ৰচনা সংকলন “লেখা সমুচ্চয়” শীৰ্ষক উচ্চ মানৰ গ্ৰন্থখন যোৱাকালি আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। প্ৰয়াত শাস্ত্ৰীৰ বাসগৃহত আয়োজিত এক মনোজ্ঞ অনুষ্ঠানত তেখেতৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে পৰিয়ালৰ উদ্যোগত প্ৰকাশিত গ্ৰন্থখন উন্মোচন কৰে মঙ্গলদৈ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ,সমাজকৰ্মী ড° প্ৰণৱ কুমাৰ শৰ্মাই ।‌ বিশিষ্ট পণ্ডিত,সাহিত্যিক পেন্সনাৰ মতিদেৱ শাস্ত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে সুলেখক ,বিষয় শিক্ষক পবন কুমাৰ কলিতাই । দিপীলা কণিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা, সাহিত্যসেৱী তথা বিভিন্ন গ্ৰন্থ সম্পাদনাৰ‌ সুঅভিজ্ঞতাপুষ্ট অখিল ৰঞ্জন ভট্টই উক্ত গ্ৰন্থ সংকলনটি সম্পাদনা কৰাৰ লগতে উক্ত অনুষ্ঠানৰ আঁত ধৰে।‌ সভাত উপস্থিত থকা কেবাজনো ব্যক্তিয়ে প্ৰয়াত শাস্ত্ৰীৰ কৰ্মময় জীৱনৰ আলোকপাত কৰে। অৱসৰী শ্ৰম বিষয়া ভূচন্দ্ৰ শৰ্মা, অসম যুৱ ব্ৰাহ্মণ সমাজৰ সভাপতি জয়ন্ত কুমাৰ শৰ্মা, অৱসৰী সংস্কৃত শিক্ষক মহাদেৱ শৰ্মা শাস্ত্ৰী, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অৱসৰী কৰ্মচাৰী জিতেন্দ্ৰ নাথ শৰ্মা প্ৰমুখ্যে ভিন্ন ক্ষেত্ৰৰ ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত যথেষ্ট সংখ্যক লোক উপস্থিত থাকে । উল্লেখ্য যে অনুষ্ঠানৰ আৰম্ভণিতে মঙ্গলাচৰণ, বন্তি প্ৰজ্বলন, প্ৰয়াত চন্দ্ৰধৰ শাস্ত্ৰীৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলী অৰ্পণ লগতে পৰিয়ালৰ তৰফৰ পৰা আমন্ত্ৰিত অতিথি সকলক আদৰণি জনোৱা হয়।‌