দৰঙত মাইক্ৰ’ফাইনেন্স প্ৰতিষ্ঠানৰ ঋণগ্ৰহণকাৰীক ঋণমুক্তিৰ প্ৰমাণপত্ৰ প্ৰদানৰ অনুষ্ঠান

দৰঙত মাইক্ৰ’ফাইনেন্স প্ৰতিষ্ঠানৰ ঋণগ্ৰহণকাৰীক ঋণমুক্তিৰ প্ৰমাণপত্ৰ প্ৰদানৰ অনুষ্ঠান

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- দৰং জিলাৰ মঙলদৈ মহাবিদ্যালয়ৰ খেলপথাৰত কালি অসম মাইক্ৰ’ফাইনেন্স উদ্গনি আৰু সকাহ আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত ঋণ গ্ৰহণকাৰীসকলক আনুষ্ঠানিকভাৱে ঋণমুক্তিৰ প্ৰমাণপত্ৰ (No Dues Certificate) প্ৰদানৰ এক অনুষ্ঠান অনুষ্ঠিত হয়। জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ, উদ্যমিতা, পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ উন্নয়ন আৰু প্ৰগতিৰ বাবে আন্তৰিকতাৰে নিৰন্তৰভাৱে কাম কৰাৰ লগতে সাধাৰণলোকৰ , বিশেষকৈ গ্ৰামাঞ্চলৰ লোকৰ, বিভিন্ন অসুবিধা আৰু সমস্যাৰ প্ৰতিও দৃষ্টি ৰাখি তেওঁলোক এনে সমস্যাৰ পৰা সকাহ দিবলৈ পদক্ষেপ আৰু আঁচনি গ্ৰহণ কৰি আহিছে । মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে মাইক্ৰ’ফাইনেন্স প্ৰতিষ্ঠানৰ ঋণে গ্ৰামাঞ্চলৰ লোকক সমস্যাত পেলাইছিল। আমাৰ ৰাজ্যখনৰ বহু লোকে এনে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা নানা উদ্দেশ্যত ঋণ গ্ৰহণ কৰি পিছত ঋণ পৰিশোধ কৰিব নোৱাৰি বিপদত পৰা পৰিলক্ষিত হৈছিল ।মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিত্তীয় শৃংখলা, ব্যয় নিয়ন্ত্ৰণ, উপযুক্ত পৰিকল্পনা আদিৰ অভাৱ আৰু আন বিভিন্ন কাৰণত এনে ঋণীলোকে ঋণ পৰিশোধ কৰিব নোৱাৰি সমস্যাত জৰ্জৰিত হয় । ৰাজ্যখনৰ এনে ঋণগ্ৰস্ত লোকসকলক সকাহ দিবলৈকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ২০২১ চনত অসম মাইক্ৰ’ফাইনেন্স উদ্গনি আৰু সকাহ আঁচনিখন আৰম্ভ কৰে। ২০২১ চনৰ ১১ মে’ত অনুষ্ঠিত বৰ্তমান চৰকাৰখনৰ প্ৰথমখন কেবিনেট বৈঠকে অসমৰ ক্ষুদ্ৰ ঋণ গ্ৰহণকাৰীসকলৰ সমস্যা অধ্যয়ন কৰি পৰামৰ্শ আগবঢ়াবৰ বাবে এখন সমিতি গঠন কৰি দিছিল। এই সমিতিৰ পৰামৰ্শৰ আধাৰত ২০২১ চনৰ ২৪ জুনৰ কেবিনেট বৈঠকে অসম মাইক্ৰ’ফাইনেন্স উদ্গনি আৰু সকাহ আঁচনিত অনুমোদন জনায়। ক্ষুদ্ৰ ঋণ লোৱা আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলক সকাহ দিবলৈ এনে আঁচনি গ্ৰহণ কৰা অসমেই দেশৰ প্ৰথমখন ৰাজ্য । মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে বৰ্তমানলৈকে এই আঁচনিখনৰ তিনিটা পৰ্যায়ৰ জৰিয়তে বাৰ লাখ ঋণ গ্ৰহণকাৰীক উদ্গনি আৰু সকাহ দিয়া হৈছে । আঁচনিখনৰ তৃতীয় পৰ্যায়ত দৰং জিলাত ৯,৬২৩ গৰাকী ঋণ গ্ৰহণকাৰীক সামৰি লোৱা হৈছে। যিসকল ঋণ গ্ৰহণকাৰীৰ ঋণ একাউণ্ট এন.পি.এ. (নন-পাৰ্ফমিং এছেট) ৰূপে চিহ্নিত হৈছে তেওঁলোকৰ ঋণ পৰিশোধ কৰি চৰকাৰে ঋণমুক্তিৰ প্রমাণপত্র প্রাপ্তিৰ সুবিধা কৰি দিছে। ইয়াৰ ফলত তেওঁলোকে এতিয়াৰ পৰা নতুনকৈ বেংক ঋণ লাভ কৰাৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব। তেওঁলোকে নতুনকৈ ঋণ লওঁতে উপযুক্তভাৱে, উৎপাদনশীল ব্যৱহাৰৰে নিজৰ আৰু পৰিয়ালৰ কল্যাণ সাধন কৰাৰ লগতে ৰাজ্যখনৰ অৰ্থনীতিৰ বিকাশৰ প্ৰতিও অৰিহণা আগবঢ়াই যাব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে দেশবাসীৰ উন্নয়ন আৰু প্ৰগতিৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনি আৰু পদক্ষেপৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে জনসাধাৰণৰ উন্নয়নৰ বাবে নিৰন্তৰভাৱে কাম কৰি আছে । ৰাইজৰ সহযোগত ৰাজ্যখনৰ উন্নয়নৰ ধাৰা আগন্তুক দিনবোৰতো অব্যাহত থাকিব বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মাইক্ৰ’ফাইনেন্স প্ৰতিষ্ঠানৰ কেইগৰাকীমান ঋণগ্ৰহণকাৰীৰ হাতত আনুষ্ঠানিকভাৱে ঋণমুক্তিৰ প্ৰমাণপত্ৰ তুলি দিয়ে । দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে। উক্ত অনুষ্ঠানত দলগাওঁ বিধানসভা সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান, অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিউজ কুজুৰকে ধৰি জিলা খনৰ বিভিন্ন ক্ষেত্ৰৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি, ঋণমুক্তিৰ প্ৰমাণপত্ৰ গ্ৰহণকাৰীকে ধৰি সহস্ৰাধিক লোক উপস্থিত থাকে।