দৰঙত ভোটদান বিষয়ক সজাগতা অভিযানৰ শুভাৰম্ভ

দৰঙত ভোটদান বিষয়ক সজাগতা অভিযানৰ শুভাৰম্ভ

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- যোৱাকালি দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে জনসাধাৰণৰ মাজত ভোটদান আৰু ইলেকট্ৰনিক ভোটিং মেচিন বিষয়ক সজাগতা সৃষ্টিৰ বাবে এক সজাগতা তথা প্ৰদৰ্শন কেন্দ্ৰ উদ্বোধন কৰা হয়। এই কেন্দ্ৰটো উদ্বোধন কৰি জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে কয় যে বিশেষকৈ নতুন তথা প্ৰথমবাৰলৈ ভোট দিবলৈ ওলোৱা ভোটাদাতাসকলৰ উদ্দেশ্যে এই কেন্দ্ৰ স্থাপন কৰা হৈছে। অৱশ্যে সকলো বয়সৰ ভোটাদাতাই এই কেন্দ্ৰৰ পৰা উপকৃত হ’ব। ন-পুৰণি সকলো ভোটাদাতাই এই কেন্দ্ৰলৈ আহি ইলেকট্ৰনিক ভোটিং মেচিনৰ জৰিয়তে ভোট দিয়াৰ অনুশীলন কৰিব পাৰিব। আজি জিলা আয়ুক্তগৰাকীয়ে তিনিখন প্ৰদৰ্শন বাহনৰ সজাগতামূলক যাত্ৰাৰ শুভাৰম্ভ কৰে।এই বাহন কেইখনতো ইলেকট্ৰনিক ভোটিং মেচিন আছে । উল্লেখ্য যে এই বাহন কেইখনে নিৰ্বাচন ঘোষণা হোৱাৰ আগলৈকে জিলাখনৰ ছিপাঝাৰ, মঙলদৈ আৰু দলগাঁও বিধানসভা সমষ্টিৰ ৮৩৫ টা ভোট গ্ৰহণ কেন্দ্ৰ সামৰি ভোটদান প্ৰক্ৰিয়া সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰিব।