দৰঙত ব্যাপক প্ৰস্ততিৰে শাৰদীয় দুৰ্গোৎসৱৰ আয়োজন 

দৰঙত ব্যাপক প্ৰস্ততিৰে শাৰদীয় দুৰ্গোৎসৱৰ আয়োজন 

মঙ্গলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- আজি মহাষষ্ঠী। প্ৰান্তে প্ৰান্তে শাৰদীয় দুৰ্গা পূজা উপলক্ষে দেৱীৰ আমন্ত্ৰণ আৰু অধিবাস। বেলবৰণ বা বিল্ববোধনেৰে দেৱীক আৱাহন তথা দেৱী দশভূজাৰ বেদীত প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। আকাশে বতাহে দেৱী বন্দনাত মুখৰিত —–

” যা দেৱী সৰ্বভূতেষু শক্তিৰূপেণ সংস্থিতা।

নমস্তসৈ নমস্তসৈ নমস্তসৈ নমো নমঃ।।”

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দৰঙতো ব্যাপক প্ৰস্ততিৰে আয়োজক দুৰ্গা পূজা সমিতি সমূহে পূজাৰ কাৰ্যসূচী হাতত লোৱা দেখা গৈছে। প্ৰধানকৈ মঙ্গলদৈ,খাৰুপেটীয়া, ছিপাঝাৰ আদি স্হানত পূৰ্বৰ পৰম্পৰা অটুট ৰাখি পূজা সমিতি সমূহে যাবতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। দৰঙী ৰঙা ধৰ্মনাৰায়ণে শুভাৰম্ভ কৰা ৰক্তবৰ্ণৰ মৃণ্ময় মূৰ্তিৰ ঐতিহাসিক দৰঙী দুৰ্গাপূজা ৰাজপৰিয়ালৰ তিনিখন হাউলীত ( ডাঙৰ ৰজা হাউলী, গাখীৰখোৱা ৰজা হাউলী, মোহনপুৰ হাউলী) পৰম্পৰাৰে ৰাজপৰিয়ালে সমাপন কৰিব। আনহাতে ৰাজপৰিয়ালে বিজয়া দশমীৰ দিনা শুভ সময়ত আগবেলা অনুষ্ঠিত কৰিব ৰাজপৰিয়ালৰ সংৰক্ষিত যুদ্ধ অস্ত্ৰ -শস্ত্ৰ আৰু সামগ্ৰীৰ “দৰ পূজা”।ইপিনে ‘মাৰ্বলৰ মূৰ্তি’ৰ পূজাথলী মঙ্গলদৈৰ বামুণপাৰা আঞ্চলিক সাৰ্বজনীন শাৰদীয় দুৰ্গাপূজাত বৰ্ণাঢ্য কাৰ্যসূচীৰে মহালয়াৰ পৰা পূজা অৰ্চনা চলিছে। মঙ্গলদৈ চহৰৰ ভেবাৰঘাট, কৰিমচ’ক, শান্তিপুৰ আদি স্হানৰ লগতে চপাই, পিপৰাদোকান,ডাঁহী, জনাৰামচৌকা, ৰাজঘাট, দেওমৰনৈ , বুঢ়ীনগৰ,ঔতলা, চমুৱাপাৰা, উদ্ মাৰী,টেঙাবাৰী, বালিপোতা, দলংঘাট ইত্যাদি পূজা থলীত সমিতি সমূহে পূজা উদ্ যাপনৰ ব্যাপক কাৰ্যসূচীৰে অগ্ৰসৰ হৈছে। আনহাতে খাৰুপেটীয়া , ছিপাঝাৰ তথা দৰঙৰ অন্যান্য প্ৰান্ততো পূজা সমিতি সমূহৰ উদ্যোগত মহাড়ম্বৰ ভাবে চলিছে পূজাৰ লগতে বিভিন্ন কাৰ্যসূচীৰ পূৰ্ণ প্ৰস্তুতি। প্ৰতিদিনে পূজাথলী সমূহত পূজা অৰ্চনাৰ সমান্তৰালকৈ ওজাপালি, আৰতি, দেওধনী নৃত্য, আয়তী নাম, নাগাৰা নাম ,ধৰ্মালোচনী সভা ইত্যাদি অনুষ্ঠিত হোৱাৰ লগতে কিছু সংখ্যক পূজা থলীত বলি বিধানৰ ব্যৱস্থা থাকিব। প্ৰাপ্ত তথ্য অনুসৰি এইবাৰ দৰঙত ১৯৪ খন পূজা সমিতিয়ে প্ৰশাসনৰ যাবতীয় অনুমতি বিচাৰি আবেদন কৰিছে। উল্লেখ্য যে জিলা প্ৰশাসনে দুৰ্গাপূজাথলী সমূহত শান্তি-শৃঙ্খলা অটুট ৰাখি প্ৰশাসনে বান্ধি দিয়া নীতি-নিৰ্দেশনাৰে পূজাৰ কাৰ্যসূচী ৰূপায়ন কৰিবলৈ পূজা সমিতি সমূহৰ লগতে ৰাইজলৈ আহ্বান জনাইছে।